আজি লাচিত দিৱস

ৰাজ্যবাসীয়ে স্মৰণ কৰিলে বীৰনায়কক

 মহানগৰ, ২৪ নৱেম্বৰঃ আজি লাচিত দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে লাচিত দিৱস। চৰকাৰ-প্ৰশাসন আৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱস। অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক। জালুকবাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা লাচিত দিৱসত অংশ লয় মুখ্যমন্ত্ৰী সোণোৱালে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে আমি লাচিতৰ আদৰ্শৰে আগবাঢ়িব লাগিব। লাচিত বৰফুকন পৃথিৱীৰ ভিতৰতে এজন অন্যতম শ্ৰেষ্ঠ বীৰ তেনে এজন বীৰ পুৰুযে অসমত জন্ম গ্ৰহণ কৰি ৰাজ্যখনৰে খ্যাতি বঢ়াইছে। আমি প্ৰত্যেকেই সংকল্প লৈ নিজৰ মনোবল, যোগ্যতাৰে প্ৰমাণ কৰিব লাগিব যে আমি বীৰ লাচিতৰ আমি বংশধৰ। বীৰ লাচিতে জন্মগ্ৰহণ কৰা অসমৰ সতি-সন্ততি।

আজি লাচিত দিৱস