আলফা স্বাধীনলৈ পেঙেৰী আঞ্চলিক ছাত্র সন্থাৰ সহঃসম্পাদক বিজু গগৈ !

৩ জানুৱাৰীৰ ‘কা’বিৰোধী সমাৱেশৰ পৰা ওভতা নাই ঘৰলৈ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ পেঙেৰীৰ এজন আন্দোলনকাৰী ছাত্র নেতা দুদিনে নিখোজ হৈ থকাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত তিনিচুকীয়াৰ আই টি আই খেলপথাৰত কেইবাটাও দল–সংগঠনে আয়োজন কৰা ‘কা’বিৰোধী সমাৱেশ ‘গণহুংকাৰ’লৈ সতীর্থৰ স’তে গৈছিল বৰডুমচা–পেঙেৰী আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ (২২) ৷ উক্ত দিনা সন্ধিয়াই সকলো ঘৰাঘৰি হ’ল যদিও বিজু গগৈ নামৰ ছাত্র নেতাজন ঘৰলৈ উভতি নগ’ল ৷

অৱশ্যে অভিভাৱকৰ ভাষ্য অনুসৰি, বিজুৱে শনিবাৰে পুৱা ঘৰলৈ আহি থকা বুলি খবৰ দিছিল ৷ কিন্তু পৰৱর্তী সময়ত বিজুৰ ফোনটো ছুইচ অফ্ অৱস্থাত পোৱা যায় ৷ দেওবাৰে বিয়লি পর্যন্ত বিজু উভতি নহাত পেঙেৰী থানাৰ অন্তর্গত নগাপথাৰ গাঁও নিৱাসী বিজুৰ পিতৃ ব্রজেন গগৈয়ে পেঙেৰী থানাত পুত্র নিৰুদ্দিষ্ট সন্দর্ভত এজাহাৰ দাখিল কৰে ৷ ছাত্র নেতাজনৰ সন্ধানহীনে চিন্তাত পেলাইছে পৰিয়াল তথা সতীর্থসকলক ৷

ইফালে, গণহুংকাৰলৈ গৈ নিৰুদ্দিষ্ট আছু নেতা বিজু গগৈয়ে আলফা (স্বা)ত যোগ দিয়াৰ সন্দেহ ব্যক্ত কৰিছে একাংশ সতীর্থই ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি, বিজু গগৈয়ে শনিবাৰে সন্ধিয়া কেইবাগৰাকী সতীর্থলৈ মেছেজযোগে দেশৰ বাবে ওলাই যোৱা বুলি জনাইছিল ৷ উল্লেখ্য যে ৰাজ্যসভাত ‘কেব’গৃহীত হোৱাৰ পিছৰে পৰা সতীর্থসকলক আলফাত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰি আহিছিল ৷ সতীর্থসকলে অতি ঠাণ্ডা প্রকৃতিৰ ছাত্র নেতাজনে ধেমালি কৰা বুলিহে ভাবি লৈছিল ৷ কিন্তু নিৰুদ্দিষ্ট ঘটনাটোৰ সমান্তৰালকৈ একাধিক সতীর্থলৈ প্রেৰিত মেছেজসমূহে সন্দেহ ঘনীভূত কৰিছে ৷

Comments (0)
Add Comment