উৎকোচ গ্রহণৰ ভিডিঅ’ই কঁপাইছে মুকালমুৱা

ম’বাইল ফোনে ফোনে সিঁচৰতি চিকিৎসকৰ দুষ্কার্যৰ স্বাক্ষৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ নলবাৰী জিলাৰ বৰক্ষেত্রী সমষ্টিৰ মুকালমুৱা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অধীনত থকা শিয়ালমাৰী স্বাস্থ্য কেন্দ্রৰ চিকিৎসক এগৰাকীয়ে ৰোগীৰ পৰা বুজন পৰিমাণৰ ধন উৎকোচ লোৱা, দৰ–দাম কৰি থকা ভিডিঅ’ এটা ভাইৰেল হৈছে ৷ ভিডিঅ’টোত বৃহৎ পৰিমাণৰ ধনৰ দাবীৰ দৰ–দাম কৰিছে চিকিৎসক আব্দুল ৱাদুদে ৷ টকাখিনি গণি থকা তথা দাম–দৰ কৰি থকা আৰু কম পৰিমাণৰ টকা ল’বলৈ অমান্তি হোৱা দৃশ্য, শব্দ স্পষ্ট  হৈ আছে ৷ ৰোগীৰ অভিভাৱকে সাংবাদিকক জনোৱা মতে, বৰক্ষেত্রীৰ চৰাঞ্চলৰ এগৰাকী দৰিদ্র তথা বিহপান কৰা ৰোগীক দুদিন পূর্বে চিকিৎসা কৰাৰ বাবদ ৰোগীৰ অভিভাৱকৰ পৰা চিকিৎসক আব্দুল ৱাদুদে দাবী কৰে সাত হাজাৰ ছশ টকা ৷ অভিভাৱকে কোনোমতে পাঁচ হাজাৰ টকা যোগাৰ কৰি চিকিৎসকজনক দিছিল যদিও চিকিৎসকজনে অমান্তি হয় সেইখিনি টকা ল’বলৈ ৷ টকা দিব নোৱাৰাত ৰোগীৰ অভিভাৱকক দিয়ে নানা কটু মন্তব্য৷ অন্য ৰোগীৰ পৰাও দহ, বিশ হাজাৰ টকাপর্যন্ত দাবী কৰাৰো অভিযোগ চিকিৎসকগৰাকীৰ বিৰুদ্ধে৷ ভাইৰেল হোৱা ভিডি’টোত চিকিৎসালয়ত লুঙী পিন্ধি টকা গণি থকা দৃশ্যই ব্যাপক চর্চা লাভ কৰিছে ৷ এই ঘটনাৰ পিছত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কি ব্যৱস্থা গ্রহণ কৰে, সেয়াহে হ’ব লক্ষণীয় বিষয়৷ ভিডিঅ’টো ম’বাইল ফোনযোগে ভাইৰেল হৈছে ৷

Comments (0)
Add Comment