এইয়া আত্মসমৰ্পণ নহয়, অগপৰ বাস্তৱবাদী চিন্তাঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু বিক্ষোভ অব্যাহত থকাৰ মাজতে এইবাৰ মুখ খুলিছে আঞ্চলিক দল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কেব সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে অগপ সভাপতিজনে । বাস্তৱৰ সৈতে মোকাবিলা কৰি অসমৰ স্বাৰ্থত ৰাজনৈতিক ভাৱে বিজেপিৰ পৰা কি লাভালাভ আদায় কৰিব পাৰি তাক লৈহে অগপ চিন্তিত বুলি কোৱাৰ লগতে মাত্ৰ একাংশ সংগঠনেহে কেবক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে বুলিও উল্লেখ কৰে ।

৩৫ বছৰে আন্দোলন কৰি কি পালে অথবা নিজেই দুবাৰকৈ শাসনৰ গাদী দখল কৰিও যে এজনো বিদেশী চিনাক্তকৰণ কৰি বাহিৰ কৰিব নোৱাৰিলে সেই সম্বন্ধেও এই সংবাদমেলত উল্লেখ কৰে অতুল বৰাই । গতিকে প্ৰতিবাদ আৰু আন্দোলনৰ নামত আবেগিক হৈ থকাতকৈ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কেবৰ বিৰোধিতা কৰি চৰকাৰৰ পৰা ওলাই আহিও কিন্তু পঞ্চায়ত নিৰ্বাচনত সুফল লাভ নকৰা বিষয়টোত অতুল বৰাই কয় যে, কেবৰ পক্ষত আছে অসমৰ জনগণ , যদি অসমৰ জনগণে কেব সমৰ্থন নকৰিলে হেতেন তেতিয়া পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হ’লহেতেন অগপ । গতিকে অগপই বাস্তৱবাদী চিন্তাৰে সদায় ৰাইজৰ লগত আছে আৰু থাকিব বুলি কয় অগপ সভাপতিগৰাকীয়ে ।

Featured