এতিয়া আমি কি কৰিম, ক’লৈ যাম, ৩৩ মাহে দৰমহা নাপালে নগাঁও কাগজ কল কৰ্মচাৰীয়ে

নৰকসদৃশ পৰিৱেশত জীৱন নিৰ্বাহ

জাগীৰোডৰ পৰা খনিন ডেকা, উৎপল বৰুৱা

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ স্থাৱৰ সম্পত্তিৰ নিলাম প্ৰক্ৰিয়াই অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে গভীৰ সংকটৰ মাজত জীয়াই থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক। গুৱাহাটী আৰু মুম্বাইস্থিত অতিথিশালা নিলামৰ বাবে শেহতীয়া প্ৰকাশিত বজ্ঞাপনটো তেওঁলোকৰ বাবে এজাক ধুমুহাসদৃশ হৈ পৰিছে৷ ২০১৭ চনৰ ১৩ মার্চ৷ এই দিনটোতে ক’লা ডাৱৰে আৱৰি ধৰিছিল ৰাজ্যৰ দুটাকৈ লাভজনক কাগজ কলৰ কর্মচাৰীসকলক৷ এক সুনিশ্চিত ভৱিষ্যতৰ সপোন বুকুত বান্ধি নগাঁও আৰু কাছাৰ কাগজ কলত যোগদান কৰা কর্মচাৰীসকলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা৷ হঠাতে কোনেও নভবা–নিচিন্তাকৈ আহিছিল সেই দুঃসংবাদ৷ বন্ধ কৰিব লাগে কাগজ কলৰ উৎপাদন৷ লগে লগে দুয়োটা কাগজ কলৰ কর্মচাৰীসকলৰ দুচকুত তিৰবিৰাই থকা আশাৰ কিৰণ যেন নুমাই পৰিছিল৷ সেই দিনটোৰ পৰা আৰম্ভ হোৱা ক’লা সময় আঁতৰি নগ’ল৷ বিগত ৩৩ মাহে দৰমহাৰ পৰা বঞ্চিত হোৱা কর্মচাৰীসকলে জীৱন কটাবলগীয়া হৈছে নৰকসদৃশ পৰিৱেশত৷

একালত সচ্ছলভাৱে নিজৰ পৰিয়ালৰ সৈতে এটা সুখৰ জীৱন কটোৱা কর্মচাৰীসকলে এতিয়া এসাঁজ খাই চিন্তা কৰিবলগীয়া হৈছে আন এসাঁজৰ বাবে৷ আনকি জীৱন নির্বাহৰ নূ্যনতম সা–সুবিধাৰ পৰাও বঞ্চিত হৈ পৰিছে এইসকল কর্মচাৰী৷ কাছাৰ কাগজ কলৰ সমান্তৰালকৈ নগাঁৱৰ কাগজ কলৰ কর্মচাৰীসকলৰো জীৱন হৈ পৰিছে দুর্বিষহ৷ পৰিয়াল পোহপাল দিয়াৰ লগতে ল’ৰা–ছোৱালীৰ পঢ়া–শুনা, চিকিৎসা ব্যয় বহন কৰিবলৈ কর্মচাৰীসকলে সন্ধান কৰিবলগীয়া হৈছে বিকল্প জীৱিকাৰ৷ কাগজ কলত সন্মানীয় পদবীত যোগদান কৰি সচ্ছল জীৱন যাপন কৰা একাংশ কর্মচাৰীয়ে এতিয়া জীৱিকাৰ বাবে চলাবলগীয়া হৈছে অটোৰিক্সা, ই–ৰিক্সা৷ আন একাংশই আকৌ সন্তানৰ উপার্জনৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছে৷ একেদৰে দীর্ঘদিনে কাগজ কলটোলৈ সেৱা আগবঢ়োৱাৰ পাছত অৱসৰ গ্রহণ কৰা বহুসংখ্যক কর্মচাৰীয়ে এতিয়াও পোৱা নাই অৱসৰকালীন সা–সুবিধা, প্রাপ্য৷ যাৰ বাবে অৱসৰৰ পাছতো এৰিব পৰা নাই কাগজ কলৰ আৱাস৷ অৱশ্যে এনে এক দুঃসময়ৰ মাজতে যোৱা ৯ জানুৱাৰীত অনুষ্ঠিত এখন সংবাদ মেলত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাগজ কল দুটাৰ কর্মচাৰীসকলক তেওঁলোকৰ অধ্যয়নৰত সন্তানসকলৰ বাবে ঘোষণা কৰা এককালীন অর্থ–সাহায্যই কিছু সকাহ দিছিল৷ বিত্তমন্ত্রী ড০ শর্মাৰ ঘোষণা অনুমৰি পি এইচ ডিৰ বাবে গৱেষণাৰত, চিকিৎসা, অভিযান্ত্রিক বা সমপর্যায়ৰ পাঠ্যক্রমত অধ্যয়নৰত কাগজ কল দুটাৰ কর্মচাৰীসকলৰ প্রতিজন সন্তানে ১ লাখ টকাকৈ লাভ কৰিব৷ বিশ্ববিদ্যালয় বা সমপর্যায়ৰ পাঠ্যক্রমত অধ্যয়ন কৰি থকাসকলে পাব ৭৫ হাজাৰ টকাকৈ৷ স্নাতক, পলিটেকনিক বা এনে পর্যায়ৰ পাঠ্যক্রম পঢ়ি থকাসকলে ৫০ হাজাৰ টকাকৈ লাভ কৰিব৷ উচ্চতৰ মাধ্যমিক বা সমপর্যায়ৰ পাঠ্যক্রমত পঢ়ি থকাসকলে পাব ২৫ হাজাৰ টকাকৈ৷ দশম শ্রেণীলৈ অধ্যয়ন কৰি থকাসকলক ১০ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল বিত্তমন্ত্রী ড০ শর্মাই৷ তদুপৰি বিত্তমন্ত্রী ড০ শর্মাই কাগজ কল দুটাৰ কর্মচাৰীসকলে আৱাস গৃহ এৰি যোৱাৰ প্রয়োজন নাই বুলি স্পষ্ট কৰি দিছিল৷ উল্লেখ্য যে বিগত সময়ছোৱাত কাগজ কলটোৰ কর্মচাৰীসকলে আন্দোলন–প্রতিবাদৰ ভাষাৰে কেন্দ্র আৰু ৰাজ্য চৰকাৰক লাভ অর্জনকাৰী কাগজ কলটো বন্ধ নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কর্মচাৰীসকলৰ আহ্বানৰ প্রতি সঁহাৰি জনাই কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সময়ে সময়ে কাগজ কলটো পুনৰ উজ্জীৱিত কৰাৰ আশ্বাস প্রদান কৰা হৈছিল৷ কিন্তু সেয়াও সময়ত ফুটুকাৰ ফেন হ’ল৷

প্রবল আন্দোলন আৰু ৰাজ্যবাসীৰ আহ্বানক ভৰিৰে মোহাৰি নগাঁও কাগজ কলক বিক্রীৰ প্রক্রিয়ালৈ ঠেলি দিয়া হ’ল৷ ইতিমধ্যে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ নিলামৰ দায়িত্বত থকা বিষয়া কুলদীপ বার্মাই যোৱা বৃহস্পতিবাৰে কলকাতাৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিযোগে গুৱাহাটী আৰু মুম্বাইৰ মুঠ তিনিটা স্থাৱৰ সম্পত্তিৰ নিলাম প্রক্রিয়া আৰম্ভ কৰিছে৷ ২৭ জানুৱাৰীৰ ভিতৰত তিনিওটা সম্পত্তি ক্রয় কৰিব বিচৰা ইচ্ছুক ক্রেতাসকলক নূ্যনতম ধন দাখিল কৰিবলৈ কোৱা হৈছে বিজ্ঞপ্তিটোত৷ ইয়াৰ এনে লগে লগে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰো নিলাম হোৱাটো নিশ্চিত হৈ পৰিল৷ দীর্ঘদিনে কাগজ কলৰ আৱাসত বাস কৰি অহা বিমল সেন নামৰ লোকজনে এটা সুব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই নিজৰ দুখ–দুর্দশা বর্ণনা কৰি কয়– ‘মোৰ মা হেমলতা দেৱী কাগজ কলৰ কর্মচাৰী আছিল৷ সেইসূত্রে আমি আৱাসত আছোঁ৷ কিন্তু অৱসৰকালীন সা–সুবিধাৰ পৰা এতিয়াও বঞ্চিত৷ যি জমা ধন আছিল, সেয়াও খৰচ হ’ল৷ সৰু–সুৰা ব্যৱসায় কৰি মই পৰিয়ালটোক পোহপাল দি আছোঁ৷ কেৱল মোৰেই নহয়, কাগজ কলৰ প্রায়সংখ্যক কর্মচাৰীৰে একে অৱস্থা৷ আৱাসত আছোঁ যদিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ৷ কেতিয়াবা বিদ্যুতৰ সমস্যা, আন কেতিয়াবা আকৌ পানীৰ অভাৱ৷ কাগজ কলটো কর্মক্ষম হৈ থকা সময়ত আমি সকলো সুবিধাই পাইছিলোঁ৷ কিন্তু বর্তমান সময়মতে কেতিয়াবা পানীও নোপোৱা পৰিস্থিতি সৃষ্টি হৈছে৷ বহু লোকে চিকিৎসাৰ বাবে ধন নাপাই অকালতে মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ চৰকাৰে কিবা এটা কৰিলে ভাল৷’ ইপিনে, আন এজন কর্মচাৰী বিদ্যানন্দ বাছফৰেও অনুৰূপ মন্তব্য প্রকাশ কৰে৷ নিজৰ দুখ–দুর্দশা বর্ণনা কৰি তেওঁ কয়– ‘১৯৮৬ চনৰ পৰা কাগজ কলত কাম কৰি আছোঁ৷ ল’ৰা–ছোৱালী চাৰিটা৷ অশেষ কষ্টৰ মাজেৰে সিহঁতক পঢ়া–শুনা কৰালোঁ৷ ডাঙৰ ল’ৰা দুটাই ব্যক্তিগত প্রতিষ্ঠানত কাম কৰি আছে৷ সিহঁতৰ সহযোগত ঘৰখন চলাই আছোঁ৷’ ৰাজ্য চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বিফল মনোৰথ হৈ এতিয়া কাগজ কলৰ কর্মচাৰীসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক প্রশ্ণ কৰিছে– ‘আমি এতিয়া ক’ত কাম কৰিম, ক’লৈ যাম, কওক মুখ্যমন্ত্রী ডাঙৰীয়া৷’ আনহাতে, দীর্ঘদিন ধৰি কাগজ কলটোত ঠিকাভিত্তিকভাৱে কাম কৰা বহু কর্মচাৰীয়ে জীৱিকাৰ সন্ধানত আন কাম কৰিবলগীয়া হৈছে৷ জানিব পৰা মতে, বহুকেইগৰাকী এনে কর্মচাৰীয়ে স্থানীয়ভাৱে অটোৰিক্সা আৰু ই–ৰিক্সা চলোৱাৰ লগতে দৈনিক হাজিৰা কৰি পোহপাল দিছে পৰিয়াল৷ তদুপৰি আন একাংশ কর্মচাৰীয়ে স্থানীয় অঞ্চলত সৰু–সুৰা দোকান বা ব্যৱসায়েৰে জীৱন নির্বাহৰ পথ মুকলি কৰিছে৷ এই প্রসংগতে কাগজ নিগম কর্মী ইউনিয়নৰ সভাপতি ধীৰেন চন্দ্র বৰাই কয় যে কর্মচাৰীসকলৰ সাঁচতীয়া পইচা ইতিমধ্যে শেষ হ’ল৷ বহুতে ঘৰ বনাবলৈ মাটি ক্রয় কৰিছিল৷ সেয়াও বিক্রী কৰিবলগীয়া হৈছে৷ বহুসংখ্যক পৰিয়ালে নিজৰ গহনা–গাঁঠৰি বিক্রী কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে দৰমহাৰ পৰা বঞ্চিত হৈ অভাৱ–নাটনৰ মাজেতে এই পৰিয়ালসমূহলৈ ভূতৰ ওপৰত দানহ পৰা দি আহিছে আন এক বিপদ৷ সেয়া হৈছে কাগজ কলৰ আৱাস খালী কৰাৰ নির্দেশনা৷ ইতিমধ্যে সংশ্লিষ্ট কর্তৃপক্ষই ৩১ জানুৱাৰীৰ ভিতৰত কাগজ কলৰ কলনী খালী কৰিবলৈ নির্দেশনা দিছে৷ যাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ বৰাই এই সন্দর্ভত কয়– ‘কাগজ কলৰ কর্মচাৰীসকলে ভৱিষ্যনিধিৰ পুঁজি, গ্রেছুইটীৰ ধন, প্রাপ্য দা–দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ বহুতে লাভ কৰা নাই অৱসৰকালীন সা–সুবিধা৷ আমাক এই সকলো সুবিধা আদায় দিয়ক৷ তেতিয়াহে আমি আৱাস খালী কৰি দিম৷ ইতিমধ্যে জিলা প্রশাসন আৰু ৰাজ্য প্রশাসনক এই কথা অৱগত কৰোৱা হৈছে৷ তেওঁলোকে প্রাপ্য আদায় নিদিয়ালৈকে আৱাস এৰি নিদিবলৈ আমাক জনাইছে৷’ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৫৭০ একৰ ভূমি সামৰি থকা নগাঁও কাগজ কলৰ বর্তমান কর্মচাৰীৰ সংখ্যা প্রায় ৪৭০গৰাকী৷ অৱসৰপ্রাপ্ত আৰু কর্মৰত কর্মচাৰী মিলি বর্তমান প্রায় ৪৫০গৰাকী কর্মচাৰী এতিয়াও আৱাসত আছে৷ জাগীৰোডস্থিত নগাঁও কাগজ কলৰ উৎপাদন ক্ষমতা হৈছে প্রতিদিনে ৩০০ মেট্রিকটন৷ বন্ধৰ আগদিনা পর্যন্ত কাগজ কলটোত উৎপাদন ক্ষমতা অনুপাতে কাগজ উৎপাদন কৰা হৈছিল৷ বন্ধৰ আগদিনা ২৭৬ মেট্রিকটন কাগজ উৎপাদন হৈছিল৷ বছৰি কাগজ কলটোৰ উৎপাদন ক্ষমতা এক লাখ মেট্রিকটন৷ কিন্তু এই লক্ষ্যও অতিক্রম কৰিবলৈ সক্ষম হৈছিল নগাঁও কাগজ কলে৷ ২০১৭ চনৰ কাগজ কলটোৰ বছৰি উৎপাদন আছিল ১ লাখ ১৫ হাজাৰ মেট্রিকটন৷ লাভজনক কাগজ কলৰ পৰা চৰকাৰে পাই আহিছিল লভ্যাংশ৷ কাগজ কলটোৰ উৎপাদন ক্ষমতাৰ বাবে কেন্দ্রীয় চৰকাৰে ২০০৭–০৮ চনত মিনি ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ লগতে ‘এ’ শ্রেণীৰ উদ্যোগলৈ উন্নীত কৰিছিল৷ তাৰ পাছতো হঠাৎ কোনোধৰণৰ আগতীয়া আলোচনা নকৰাকৈ কাগজ কলটো বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তই আচৰিত কৰি তুলিছিল কর্মচাৰীসকলক৷

ইউনিয়নৰ সভাপতিজনে এই প্রসংগতে কয় যে কাগজ কলটো বন্ধ হৈ যোৱাৰ ফলত কেৱল কর্মচাৰীসকলেই নহয়, ৰাজ্যৰ বাঁহ খেতিয়কসকলো ব্যাপকভাৱে প্রভাৱান্বিত হৈছে৷ প্রতিবছৰে ৭–৮ লাখ বাঁহৰ প্রয়োজনীয়তা থকা উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত উজনি–নামনিৰ লগতে কার্বি আংলঙৰ বাঁহ খেতিয়কসকলৰ উপার্জনৰ এটা উৎস বন্ধ হৈ পৰিল বুলি মন্তব্য কৰি তেওঁ কয়– ‘কাগজ কলটো বন্ধ হোৱাৰ ফলত প্রায় দুই লাখ লোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্রস্ত হৈছে৷ বাঁহৰ উপৰি কয়লা, চূণকে ধৰি বিভিন্ন ৰাসায়নিক সামগ্রী প্রয়োজন হৈছিল৷ চূণ–কয়লা মূলতঃ মেঘালয়ৰ পৰা আমদানি কৰা হৈছিল৷ এতিয়া সেই উদ্যোগসমূহো বন্ধ হৈ পৰিল৷ নগাঁও কাগজ কলত উৎপাদন হোৱা কাগজ দিল্লী, ৰাজস্থান, চণ্ডীগড়, বাংগালুৰু, মহাৰাষ্ট্র আদি বিভিন্ন ৰাজ্যলৈ প্রেৰণ কৰা হৈছিল৷ ইয়াৰ বাবে দেশৰ ভিন্ন প্রান্তত হিন্দুস্তান কাগজ নিগমৰ ১৮টা বিক্রী কেন্দ্র স্থাপন কৰা হৈছিল৷ যাৰ জৰিয়তে কাগজৰ অর্ডাৰ গ্রহণ কৰা হৈছিল৷ এতিয়া এই বিক্রী কেন্দ্রসমূহ বন্ধ হৈ পৰিল৷ তদুপৰি কেঁচা সামগ্রী যোগান আৰু উৎপাদিত কাগজ প্রেৰণৰ বাবে বহুসংখ্যক ট্রাক ব্যৱহাৰ হৈ আছিল৷ কাগজ কলটো বন্ধ হোৱাৰ লগে লগে পৰিবহণৰ সৈতে জড়িতসকলো ক্ষতিগ্রস্ত হৈছে৷’ ইপিনে, দীর্ঘদিনে উৎপাদন বন্ধ হৈ থকাৰ বাবে জহি–খহি যাবলৈ আৰম্ভ কৰিছে কাগজ কলটোৰ মূল্যৱান যন্ত্র৷ ৱর্কশ্বপত থকা সা–সৰঞ্জামসমূহতো মামৰ লাগিবলৈ আৰম্ভ কৰিছে৷

দৰমহা নাপালে নগাঁও কাগজ কল কৰ্মচাৰীয়ে
Comments (0)
Add Comment