কাগজ কল বিক্ৰীৰ কথা গমেই নাপায় উদ্যোগমন্ত্ৰী পাটোৱাৰীয়ে

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ পুনৰুজ্জীৱিতৰ সকলো পথ ৰুদ্ধ কৰি ৰাজ্যৰ দুই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল এন চি এল টিৰ নিৰ্দেশমৰ্মে স্ক্ৰেপৰ ৰূপত বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিলেও এই বিষয়ে একোৱেই নাজানে ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। বৃহস্পতিবাৰে বিধানসভাৰ চৌহদত সাংবাদিকৰ আগত মন্ত্ৰী পাটোৱাৰীয়ে অকপটে সেই অজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁ বাতৰি কাকতত সেই বিষয়ে পঢ়িবলৈ পাইছে যদিও কেন্দ্ৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰক একো অৱগত কৰা নাই। সেয়ে চৰকাৰে সেই বিষয়ে আনুষ্ঠানিকভাৱে একো নাজানে। ইপিনে, সদনৰ প্ৰশ্নোত্তৰ কালত বিধায়ক মৃণাল শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে নুমলীগড় ৰিফাইনেৰী লিমিটেডক ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাৰ কোনো পৰিকল্পনা নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সেই বিষয়ে স্পষ্ট কৰি দিছে। মন্ত্ৰী পাটোৱাৰীয়ে এই উত্তৰ শুনি বিধায়ক শইকীয়াই এন আৰ এল বিক্ৰী নহয়, সেই কথা স্পষ্ট হৈছে।