কেবৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি জনমতৰ লক্ষ্যৰে দিল্লীত আছু-নেছ’

দিল্লীত জেডি(ইউ)ৰ নেতা ত্যাগীৰে আছু-নেছ'ৰ আলোচনা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ লক্ষ্যৰে এতিয়া দিল্লীত বাহৰ পাতিছে আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ নেছ’ৰ নেতৃবৃন্দই । ছাত্ৰ নেতাসকলে দিল্লীত কেববিৰোধী অভিযান আৰম্ভ কৰিছে পূৰ্বতে বিধেয়কখনৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰা জনতা দল(ইউ) ৰ অন্যতম নেতা কে চি ত্যাগীৰ সৈতে আলোচনাত মিলিত হৈ । আলোচনাৰ পাছত ত্যাগীয়ে শনিবাৰে পুনৰ দলৰ স্থিতি স্পষ্ট কৰি কয় যে জনতা দল( ইউ) য়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ আৱেগ-অনুভুতিক সন্মান জনাই পূৰ্বতেও বিধেয়কখনৰ বিৰোধিতা কৰিছিল, এইবাৰো কৰিব । কেন্দ্ৰীয় চৰকাৰে যদি চলিত অধিৱেশনত বিধেয়কখন উত্থাপন কৰে, তেনেহ’লে জনতা দল(ইউ)য়ে বিধেয়কখন পুনৰ যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰাৰ দাবী জনাব । আনহাতে, বৈঠকৰ অন্তত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় – অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব । ৰাষ্ট্ৰীয় পৰ্যায়তো বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰয়োজন আছে । সেয়েহে আমি দিল্লীত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আহিছোঁ । কেবক লৈ দলটো পূৰ্বৰ স্থিতিত অটল থকা বুলি ভট্টাচাৰ্যই সাংবাদিকৰ আগত জানিবলৈ দিয়ে । জেডি(ইউ)য়ে বিচৰা মতে বিধেয়কখন যুটীয়া সংসদীয় কমিটীৰ ওচৰত যাব লাগে বুলিও ছাত্ৰ নেতাজনে মন্তব্য কৰে । আনহাতে বৈঠকত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে, জাতিধ্বংসী বিধেয়কখনক লৈ পূৰ্বতে গঠন কৰা যুটীয়া সংসদীয় কমিটীখনে এবাৰ অসম ভ্ৰমণ কৰিলে যদিও সকলো দল-সংগঠনৰ সাক্ষ্য নল’লে তথা ৰাজ্যৰ ভিন্ন প্ৰান্ত ভ্ৰমণ নকৰিলে । এইবাৰ যুটীয়া সংসদীয় কমিটী গঠন কৰা হওক আৰু ৰাজ্যৰ সকলো প্ৰান্ত ভ্ৰমণ কৰক কমিটীয়ে । অসম ভ্ৰমণ কৰিলে কমিটীয়ে উপলব্ধি কৰিব পাৰিব অসমত বিধেয়কখনক লৈ ৰাইজৰ মাজত কি ধৰণৰ ভয়-আশংকা আছে । মন কৰিবলগীয়া যে, আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি নাথৰ উপৰি দিল্লীত কেব বিৰোধী অভিযানত অংশ লৈছে নেছৰ অধ্যক্ষ চেমুৱেল জেকৱাকে ধৰি খাচী ছাত্ৰ সন্থাৰ সভাপতি লামবাক মাৰলাগৰে । জেৰৱাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে , দিল্লীত তেওঁলোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ বিচৰা নাই । অলপতে গৃহমন্ত্ৰীজনে উত্তৰ-পূব ভ্ৰমণলৈ যোৱাৰ কথা । তেতিয়া আমন্ত্ৰণ লাভ কৰিলেহে নেছৰ তৰফৰ পৰা শ্বাহক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুক্তি আগবঢ়োৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

Featured