গাংগুলীৰ শ্রেষ্ঠ আই পি এল একাদশত অসমৰ ৰিয়ান পৰাগ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীৰ দৃষ্টি কাঢ়িছে অসম সন্তান ৰিয়ান পৰাগে ৷ বিগত সংস্কৰণৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্রদ বেটিঙেৰে দেশৰ ক্রীড়া মহলত চর্চা লাভ কৰা ৰাজ্যৰ প্রতিভাৱান বেটছমেনগৰাকীক শুকুৰবাৰে গাংগুলীয়ে তেওঁৰ শ্রেষ্ঠ আই পি এল একাদশত স্থান দিছে ৷ বিৰাট কোহলি, ৰোহিত শর্মা, যশপ্রীত বুমৰাহ আদিৰ দৰে ভাৰতীয় তাৰকাৰ সৈতে একেটা দলত গাংগুলীয়ে অসমৰ ১৯ বছৰীয়া ৰিয়ান পৰাগক অন্তর্ভুক্ত কৰাটো ৰাজ্যৰ ক্রীড়া জগতৰ বাবে তাৎপর্যপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে ৷

মন কৰিবলগীয়া যে বিগত আই পি এলত ৰিয়ানে দিল্লী কেপিটেলছৰ বিৰুদ্ধে দলৰ বিপর্যয়ৰ সময়ত দায়িত্বপূর্ণ অর্ধশতক অর্জন কৰি ক্রিকেট মহলৰ ভূয়সী প্রশংসা আদায় কৰিছিল ৷ এই ইনিংছটোৰ সহায়ত তেওঁ আই পি এলৰ ইতিহাসৰ সর্বকনিষ্ঠ অর্ধশতক অর্জনকাৰী খেলুৱৈ হিচাপে অভিলেখ ৰচিছিল ৷ তদুপৰি ৰিয়ানে ঐশ্বর্যশালী টি–২০ লীগখনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এখন গুৰুত্বপূর্ণ মেচত মাত্র ২৯ বলত ৪৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলিছিল ৷ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধেও মাত্র ৩১ বলত তেওঁ ৪৭ ৰানৰ দুর্দান্ত ইনিংছ খেলি ৰাজস্থান ৰয়েলছক শ্বাসৰুদ্ধকৰ জয়ৰ সোৱাদ দিছিল ৷ গাংগুলীৰ ফেণ্টাচী দলটো – গাংগুলী (অধিনায়ক), কোহলি, ৰোহিত, ৱার্নাৰ, পণ্ট, ৰাছেল, বুমৰাহ, ৰিয়ান, মার্কাছ ষ্টয়নিছ, জ’ফ্রা আর্চাৰ আৰু জাদেজা ৷

Comments (0)
Add Comment