জাইকাৰ ৩,৪০০ কোটিত লুণ্ঠনকাৰীৰ শেন চকু

দুর্নীতিৰ ভূস্বর্গলৈ পর্যৱসিত মীন উন্নয়ন নিগম

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ ক্রমাৎ শিথিল হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, নিকায়–নিগমত আৰম্ভ হৈছে আঁচনিৰ পুঁজিৰ কমিছনৰ অংক৷ খনিজ–বনজ সম্পদক লৈ গঢ়ি উঠা ছিণ্ডিকেটৰ সমান্তৰালভাৱে বিভিন্ন বিভাগে লাভ কৰা বিশাল পৰিমাণৰ ধনক লৈ লুণ্ঠনৰ বিস্তৃত গেম প্লেন তৈয়াৰ কৰিছে লুণ্ঠনকাৰী চক্রই৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ অন্তর্গত ‘মীন উন্নয়ন নিগম’ এতিয়া পর্যবসিত হৈছে দুর্নীতিৰ ভূস্বর্গলৈ৷ মীন উন্নয়ন নিগমে ৰূপায়ণ কৰা বিভিন্ন আঁচনিত সংঘটিত বিয়াগোম দুর্নীতিৰ তথ্য ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ৰাজ্যৰ প্রায় ২.৩৮ লাখ হেক্টৰ জলাশয়ক কেন্দ্র কৰি সংঘটিত হৈ আহিছে এই দুর্নীতি৷ যাৰ বাবে মীন উন্নয়ন নিগমে বছৰি শ শ কোটি টকা ব্যয় কৰাৰ পাছতো অসমলৈ বছৰি বহিঃৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া হৈছে৷ তথ্য অনুসৰি ২০১১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ বাহিৰৰ পৰা ৭৬,৭৩৪ মেট্রিকটন আৰু ২০১৬ চনৰ পৰা ২০১৯ চনৰ মার্চ মাহ পর্যন্ত ৩৬,৬১৬ মেট্রিকটন মাছ আমদানি কৰা হৈছে৷ অথচ ৰাজ্য চৰকাৰে ‘ৰাজ্যিক নিজস্ব অগ্রাধিকাৰ উন্নয়ন আঁচনি’ (এছ অ’ পি ডি), কেন্দ্রীয় চৰকাৰৰ নীল বিপ্লৱ আঁচনি, গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ) আদি আঁচনিৰ নামত সীমাহীন ধন ব্যয় কৰি আছে৷ ইয়াৰে মীন উন্নয়ন নিগমে ৰূপায়ণ কৰা আৰ আই ডি এফ আঁচনিত মুকলিমূৰীয়া লুণ্ঠন চলি আছে৷ উল্লেখ্য যে আৰ আই ডি এফ আঁচনিৰ জৰিয়তে মীন উন্নয়ন নিগমে ৰাজ্যৰ ৮খন বিল পৰিষ্কাৰৰ বাবে শেহতীয়াকৈ প্রায় ৮ কোটি টকা ব্যয় কৰে৷ তামৰাংগা বিল, লখনাবন্ধা বিল, লাওপানী বিল, কাহোধোৰা বিল, ভেকভেকী পাটিয়ালা বিল, পুজেলী বিল, বৰবিলা বিলৰ পৰিষ্কাৰ সম্পূর্ণ হোৱা দেখুৱাই নিগমে এই ধন সমূদায় মোকলাই দিয়ে৷ লক্ষণীয়ভাৱে বিল পৰিষ্কাৰৰ ঠিকা প্রদানৰ বাবে নিগমে কোনো নিবিদাই আহ্বান নকৰিলে৷ অতি গোপনে বেচৰকাৰী সংস্থাৰ দ্বাৰা বিল পৰিষ্কাৰ কৰা বুলি নথিপত্রত দেখুৱাই ৮ কোটি টকা গোটে গোটে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এয়া মাত্র এটা উদাহৰণহে৷ এইদৰে গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ সকলো ধন এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা ধাৰাবাহিকভাৱে আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, এই বেচৰকাৰী সংগঠনটোৰ গৰাকী হ’ল মীন উন্নয়ন নিগমৰ অ’ এছ ডি পদ্মকান্ত হাজৰিকা৷ য’ত উপদেষ্টা হিচাপে আছে ৰাজ্যৰ এগৰাকী অৱসৰপ্রাপ্ত আৰক্ষী সঞ্চালকপ্রধান৷ মুঠৰ ওপৰত মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰে মিলি এইগৰাকী বিষয়াই সোঁৱে–বাঁৱে ধন আত্মসাৎ কৰি অহাৰ অভিযোগ সর্বজনবিদিত৷ আৰ আই ডি এফ আঁচনিত সংঘটিত এই বিয়াগোম দুর্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছত উপ–ধীক্ষক উজ্জ্বল দাসক নিলম্বন কৰি সকলো কু–কীর্তি গাপ দিয়াৰ চেষ্টা চলোৱা হ’ল৷ কিন্তু বিয়াগোম কেলেংকাৰিৰ খলনায়ক মীন উন্নয়ন নিগমৰ অ’ এছ ডি পদ্মকান্ত হাজৰিকাক অতি কৌশলেৰে ৰক্ষণাবেক্ষণহে দিয়া হ’ল৷ কেৱল সেয়াই নহয়, লুণ্ঠনৰ স্বার্থতে অৱসৰৰ পাছতো পদ্মকান্ত হাজৰিকাক নিগমৰ অ’ এছ ডি আৰু ভাৰপ্রাপ্ত প্রকল্প সঞ্চালক হিচাপে নিযুক্তি দি ৰখা হৈছে৷ যোৱা ৩০ জুনত পদ্মকান্ত হাজৰিকাই চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে যদিও সান্দহ খোৱা বালি তল যোৱাৰ আশংকাতে ৰমাকান্ত দেউৰীয়ে তেওঁক নীতি বহির্ভূতভাৱে ভাৰপ্রাপ্ত প্রকল্প সঞ্চালকৰ দায়িত্ব দি ৰাখে৷ এই লুণ্ঠনকাৰী চক্রটোৱে এতিয়া জাইকাৰ পৰা পাবলগীয়া ৩,৪০০ কোটিৰ বিশাল ধনৰাশিতো শেনচকু দিছে৷ ইতিমধ্যে ইয়াৰ প্রিণ্টো সাজু কৰি ৰখা হৈছে৷ উল্লেখ্য যে মীন উন্নয়ন নিগমে ‘জাপান ইণ্টাৰনেচনেল ডেভেলপমেণ্ট এণ্ড কো–পাৰেচন এজেন্সী’ৰ (জাইকা) অর্থসাহায্যত ৰূপায়ণ কৰিবলগীয়া ‘অসম মীন উন্নয়ন আৰু জীৱিকা প্রকল্প’ শীর্ষক এক প্রকল্প ৰাজ্য চৰকাৰৰ জৰিয়তে ড’নাৰ মন্ত্রালয়ত দাখিল কৰিছিল৷ প্রায় ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনৰ মূল লক্ষ্য হ’ল মাছ উৎপাদনত অসমক স্বাৱলম্বী কৰি তোলা৷ ইতিমধ্যে অসম মীন উন্নয়ন আৰু জীৱিকা প্রকল্প ‘জাইকাৰ ৰ’লিং প্লেনতো’ অন্তর্ভুক্ত হৈছে৷ সোনকালেই এই বৃহৎ পৰিমাণৰ ধনৰাশি মীন উন্নয়ন নিগমে লাভ কৰাৰ বাট প্রশস্ত হ’ব৷ লক্ষণীয়ভাৱে ইয়াৰ বাবে গঠন কৰা হৈছে বিশেষ নিৰীক্ষণ গোট৷ য’ত ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা পদ্মকান্ত হাজৰিকাকো সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ প্রাপ্ত অভিযোগ অনুযায়ী, জাইকাৰ এই অভিলাষী প্রকল্পত কেনেদৰে লুণ্ঠন চলাব পাৰি, তাৰ বিস্তৃত ব্লুপ্রিণ্ট ৰচনা কৰিছে পদ্মকান্ত হাজৰিকা নেতৃত্বাধীন লুণ্ঠনকাৰী চক্রটোৱে৷ তেওঁলোকে প্রায় ১০০জন ঠিকাদাৰক এই পৰিকল্পনাৰ অংশীদাৰ কৰি লৈছে৷ অসমত থকা মুঠ ১৮৭খন বিলৰ উন্নয়নৰ নামত জাইকাৰ প্রকল্পৰ বৃহৎ ধন ব্যয় কৰা হ’ব৷ প্রাৰম্ভিক পর্যায়ত বিলসমূহৰ চাৰিওফালে ফেন্সিং দিয়া, বিল পৰিষ্কাৰ কৰা আদি বহু আঁচনি গ্রহণৰ পৰিকল্পনা কৰিছে পদ্মকান্ত হাজৰিকা বাহিনীয়ে৷ নিজৰ বেচৰকাৰী সংস্থাৰ লগতে ঘনিষ্ঠ ঠিকাদাৰসকলৰ জৰিয়তে জাইকাৰ প্রকল্পৰ ধন আত্মসাৎ কৰাৰ যি পাং হাজৰিকা বাহিনীয়ে পাতিছে, তাত মূল পৃষ্ঠপোষকৰ ভূমিকা পালন কৰিছে মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে৷ মীনমন্ত্রী পৰিমল শুক্লবৈদ্যকো গুৰুত্বহীন কৰি ৰমাকান্ত দেউৰী আৰু পদ্মকান্ত হাজৰিকাই এতিয়া বিভাগটোৰ সর্বেসর্বা হৈ পৰিছে৷ এই সন্দর্ভত বিভিন্ন পক্ষই মুখ্যমন্ত্রীৰ কার্যালয়ত অভিযোগ দাখিল কৰিছে যদিও ‘দেউৰী–হাজৰিকা’ যুটিৰ গাৰ নেম এডালো লৰা নাই৷ ডেমকেয়াৰ হৈ তেওঁলোকে ইটোৰ পাছত সিটো কেলেংকাৰি সংঘটিত কৰি গৈছে৷ যাৰ বাবে মাছ উৎপাদনত অসম স্বাৱলম্বী হোৱাটো সুদূৰপৰাহত হৈ পৰিছে৷ সমান্তৰালভাৱে অর্থহীন হৈ পৰিছে দুর্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান৷ মীন উন্নয়ন নিগমৰ জাইকাৰ ৩,৪০০ কোটিক লৈ চলা লুণ্ঠনৰ সমস্ত পৰিকল্পনা ফাদিল হোৱাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷