জি বিদাই–বি বাথাৰক মূলসুঁতিলৈ আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

ম্যানমাৰৰ পৰা অহা ২৭ কেডাৰক ৰখা হৈছে বিশেষ গোপন স্থানত

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ শান্তি প্রক্রিয়াত চামিল হ’বলৈ আগবাঢ়ি অহা নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বড়োলেণ্ড, চমুকৈ এনডিএফবিৰ বিৰুদ্ধে অভিযান বন্ধ ৰাখিব আৰক্ষী–নিৰাপত্তা বাহিনীয়ে ৷ এনডিএফবিৰ অধ্যক্ষ বি চাওৰাইগৌৰাৰ নেতৃত্বত বৃহস্পতিবাৰে দিল্লীত কেন্দ্র–ৰাজ্যৰে সংগঠনটোৱে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে অসম আৰক্ষীয়ে এই সিদ্ধান্ত গ্রহণ কৰে ৷ গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এনডিএফবিৰ বিৰুদ্ধে অভিযান বন্ধ ৰখাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে ৷ সংবাদ মেলত ভাস্কৰজ্যোতি মহন্তই কয়– সংগঠনটোৱে শান্তি প্রক্রিয়াত অংশগ্রহণ কৰিবলৈ আগবাঢ়ি অহা কার্যক আদৰণি জনাইছোঁ ৷ এনডিএফবিয়ে চৰকাৰৰে শান্তি আলোচনা কৰিবলৈ বৃহস্পতিবাৰে দিল্লীত যুদ্ধবিৰতি সন্দর্ভত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ পাছতে সংগঠনটোৰ বিৰুদ্ধে অভিযান বন্ধ ৰখা হৈছে ৷ যুদ্ধবিৰতি চুক্তি অব্যাহত থকালৈকে সংগঠনটোৰ বিৰুদ্ধে অভিযান বন্ধ থাকিব ৷ গতিকে সংগঠনটোৰ দুই শীর্ষ নেতা জি বিদাই আৰু বি বাথাৰ লগতে তেওঁলোকৰ লগত থকা সদস্যসকলকো শান্তি আলোচনাৰ প্রক্রিয়াত অংশগ্রহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ৷ আনহাতে, ম্যানমাৰত থকা এনডিএফবিৰ বাকী সদস্যসকলকো আলোচনাৰ প্রক্রিয়াত অংশগ্রহণ কৰিবলৈ আহ্বান জনাই মহন্তই কয়– সংগঠনটোৰ সকলো কেডাৰে আহক আৰু শান্তি প্রক্রিয়াত চামিল হওক৷ আলোচনাবিৰোধী এনডিএফবিৰ পূর্বৰ অধ্যক্ষ তথা বর্তমান কার্বি উগ্রপন্থী সংগঠন পি ডি চি কেৰ নেতৃত্ব লোৱা আই কে সংবিজিত গোটটোকো শীর্ষ আৰক্ষী বিষয়াজনে শান্তি প্রক্রিয়াত অংশগ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে বি চাওৰাইগৌৰা গোটে কেন্দ্র–ৰাজ্য চৰকাৰৰ সৈতে ছাছপেনচন অৱ অপাৰেচন (এছ অ’ অ’) চুক্তি স্বাক্ষৰ কৰিছে যদিও সংগঠনটোৰ যিসকল নেতা–সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে সেইসকলৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ চলি থাকিব বুলি জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই ৷ আনহাতে, আলোচনাৰ বাবে আগবাঢ়ি অহা ২৭জন নেতা–সদস্যক বিশেষ স্থানত ৰখা হৈছে বুলি কয় আৰক্ষী সঞ্চালকপ্রধানগৰা৷ লগতে শান্তি আলোচনাৰ বাবে আগবাঢ়ি অহা সংগঠনৰ কেডাৰসকলক বিশেষ ডেজিগনেটেড শিবিৰত ৰখা হ’ব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে আলোচনাবিৰোধী এনডিএফবিয়ে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰি সকলো ধৰণৰ হিংসাত্মক কার্যকলাপৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত চুক্তি সন্দর্ভত কি আলোচনা হ’ব, আলোচনা কেতিয়া অনুষ্ঠিত হ’ব সেই বিষয়ে পৰৱর্তী সময়ত পর্যায়ক্রমে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলিও শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় ৷

Featured
Comments (0)
Add Comment