ডিব্রুগড়ত ২৩ ফেব্রুৱাৰীত বিজেপিৰ সংকল্প সমাৰোহ

তিনি স্থান পৰিদর্শন মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ এইবাৰ আছুক প্রত্যাহ্বান জনাই বিজেপিৰ সংকল্প সমাৰোহ অনুষ্ঠিত হ’ব ডিব্রুগড়ত ৷ অৱশ্যে এই সংকল্প সমাৰোহত শান্তি সমদল উলিওৱা নহয় ৷ শনিবাৰে ডিব্রুগড়ত সমাৰোহৰ বাবে স্থান পৰিদর্শন কৰে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ মন্ত্রী ড০ শর্মাই স্থান পৰিদর্শন কৰি সংবাদ মাধ্যমক কয়– বর্তমানে দলৰ সাংগঠনিক যি পৰিৱেশ, সেয়া খুব ভাল অৱস্থাত আছে ৷ যুৱকসকলৰ মন স্ফূর্তিত আছে ৷ দলৰ কার্যকর্তাসকল খুব উৎসাহত আছে ৷ শুকুৰবাৰে প্রধানমন্ত্রী উপস্থিতিত হোৱা অভূতপূর্ব সমাৱেশে বহু কথাই কয় ৷ সেয়ে আমি আশাবাদী যে ডিব্রুগড়ত এখন ভাল সমাৱেশ অনুষ্ঠিত কৰিবলৈ সক্ষম হ’ম ৷ চহৰখনৰ আশে–পাশে পৰিদর্শন কৰা দুই–তিনিটা স্থানৰ মাজৰ কোনো এক স্থানত সমাৱেশৰ আয়োজন কৰা হ’ব বুলি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰে ৷ ডিব্রুগড়ৰ আৱর্ত ভৱনত ডিব্রুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ বিধায়কসকলৰ লগতে অন্যান্য দলীয় বিষয়ববীয়াৰ সৈতে তেওঁ দীর্ঘসময় আলোচনাত মিলিত হয় আৰু সংকল্প সমাৰোহ সফল কৰাৰ বাবে নির্দিষ্ট পৰিকল্পনা যুগুত কৰে ৷ উক্ত আলোচনাত উপস্থিত থাকে নৱনিযুক্ত মন্ত্রী সঞ্জয় কিষাণ আৰু যোগেন মহনো ৷ ডিব্রুগড়ৰ চিৰিং ডাইনীজানত স্থান পৰিদর্শন কৰি ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা বৃহৎসংখ্যক লোক একত্রিত কৰি বিজেপিয়ে এই সমাৰোহৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে ৷ উজনিত ‘কা’ৰ বিৰুদ্ধে আছুকে ধৰি জাতি–জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জংগী প্রতিবাদী আন্দোলন অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ ভিন্ন প্রান্তত ‘কা’বিৰোধী আন্দোলনক প্রত্যাহ্বান জনাই শান্তি সমদল, গান্ধী সংকল্প যাত্রা আদি নামেৰে ‘কা’ৰ সমর্থনত বৃহৎ কার্যসূচী বিজেপিয়ে ৰূপায়ণ কৰি আহিছে ৷ এই মুহূর্তলৈকে ডিব্রুগড়ত ‘কা’ৰ সমর্থনত বিজেপিয়ে কোনো কার্যসূচী অনুষ্ঠিত কৰা নাছিল যদিও আছু তথা ‘কা’বিৰোধী প্রতিবাদত আগভাগ লোৱা সংগঠনক প্রত্যাহ্বান জনাই ড০ শর্মাই সংকল্প সমাৰোহৰ প্রাৰম্ভিক প্রস্তুতি চলালে ৷

Featured
Comments (0)
Add Comment