ঢেকীয়াজুলিত অসমীয়া মাধ্যমলৈ পৰিৱর্তন বাংলা মাধ্যমৰ বিদ্যালয়

বাংলাভাষীয়ে সন্তানক অসমীয়া মাধ্যমৰ স্কুলত পঢ়ুৱাব বিচাৰে

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ সংশোধিত নাগৰিকত্ব আইনৰ প্রভাৱত অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ চৰম সংকট আহিব বুলি বিভিন্ন মহলে শংকা প্রকাশ কৰি আইনখন বাতিলৰ দাবীত আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে শোণিতপুৰ জিলাত বাংলা মাধ্যমৰ এখন বিদ্যালয় অসমীয়া মাধ্যমলৈ পৰিৱর্তন কৰা হয় ৷ ঢেকীয়াজুলি শিক্ষাখণ্ড এলেকাৰ চিৰাজুলি অঞ্চলৰ বাংলা মাধ্যমৰ প্রাথমিক বিদ্যালয় অসমীয়া মাধ্যমলৈ পৰিৱর্তন কৰিবলৈ বিদ্যালয় কর্তৃপক্ষই সিদ্ধান্ত গ্রহণ কৰিছে ৷ বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাইজৰ মতামত লৈ এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ৷

চিৰাজুলি অঞ্চলৰ বাঙালী সম্প্রদায়ৰ লোকৰ বসতিপ্রধান ঠাই চিৰাজুলি কলনীত অৱস্থিত চিৰাজুলি কলনী প্রাথমিক বিদ্যালয়খন চলিত বর্ষত বাংলা মাধ্যমৰ পৰা অসমীয়া মাধ্যমলৈ পৰিৱর্তন কৰা হয় ৷ বিদ্যালয় পৰিচালনা সমিতিৰ এই সিদ্ধান্তক সচেতন ৰাইজে আদৰণি জনাইছে ৷ চিৰাজুলি কলনীত ১৯৫২ চনত স্থাপিত বাংলা মাধ্যমৰ প্রাথমিক বিদ্যালয়ত ছাত্র–ছাত্রীৰ সংখ্যা হ্রাস পোৱাত বিদ্যালয়খন বন্ধ হোৱাৰ উপক্রম ঘটে ৷ এনে পৰিপ্রেক্ষিতত এইবাৰ বিদ্যালয়খন বাংলা মাধ্যমৰ পৰা অসমীয়া মাধ্যমলৈ পৰিৱর্তন কৰা হৈছে ৷ বিগত কেইবছৰ ধৰি বিদ্যালয়খনত ছাত্র–ছাত্রীৰ সংখ্যা হ্রাস পায় ৷ যাৰ ফলত বিদ্যালয়খন বন্ধ হোৱাৰ উপক্রম ঘটে ৷ বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত সাধাৰণ সভা অনুষ্ঠিত কৰি মাধ্যম পৰিৱর্তনৰ সিদ্ধান্ত গ্রহণ কৰি শিক্ষা বিভাগৰ ওচৰত আবেদন জনাইছে ৷

বিদ্যালয়খন জীয়াই ৰখাৰ স্বার্থত অসমীয়া মাধ্যমলৈ ৰূপান্তৰ কৰা বুলি স্থানীয় লোকসকলে প্রকাশ কৰে৷ বিদ্যালয় কর্তৃপক্ষ আৰু ৰাইজৰ এই সিদ্ধান্ত লিখিতভাৱে শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰক অৱগত কৰোৱা হৈছে ৷ বিদ্যালয় কর্তৃপক্ষই চলিত শিক্ষাবর্ষত ‘ক’ শ্রেণী, প্রথম আৰু দ্বিতীয় শ্রেণীৰ পাঠদান অসমীয়া মাধ্যমত আৰম্ভ কৰিছে৷ এই সন্দর্ভত বিদ্যালয়খনৰ প্রধান শিক্ষক মধু চন্দই কয়– বহু পুৰণি এখন শিক্ষানুষ্ঠান বাংলাৰ পৰা অসমীয়া মাধ্যমলৈ পৰিৱর্তন কৰি বিদ্যালয়খন জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে ৷ বিদ্যালয়খন বাঙালী সম্প্রদায়ৰ লোকৰ বসতিপ্রধান ঠাইত আছে যদিও যোৱা কেইবছৰ ধৰি বিদ্যালয়খনত ছাত্র–ছাত্রীৰ সংখ্যা যথেষ্ট হ্রাস পাইছে ৷ ইয়াৰ লোকসকলে নিজৰ ল’ৰা–ছোৱালীক বাংলা মাধ্যমৰ পৰিৱর্তে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভর্তি কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে ৷ বিদ্যালয় কর্তৃপক্ষ আৰু ৰাইজৰ সিদ্ধান্ত তথা এই পদক্ষেপ সময়োপযোগী বুলি বিভিন্নজনে প্রকাশ কৰিছে ৷ স্থানীয় ব্যক্তি মলয় বিশ্বাসে কয়– বাঙালী লোকসকলে নিজকে হাড়ে–হিমজুৱে অসমীয়া বুলি ভাবে ৷ তেওঁলোকে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাব বিচাৰে বুলি বিশ্বাসে প্রকাশ কৰে ৷ চিৰাজুলি কলনী প্রাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ এই সিদ্ধান্তই বাঙালীসকল যে অসমীয়া ভাষাবিদ্বেষী নহয়, এই কথা স্পষ্ট কৰিছে বুলি বিশ্বাসে সাংবাদিকৰ আগত প্রকাশ কৰে ৷

Featured
Comments (0)
Add Comment