দুষ্টচক্ৰৰ ষড়যন্ত্ৰঃ GU ৰ ৱেবচাইটত প’ৰ্ণ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ এইবাৰ দুষ্টচক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট । দেওবাৰে পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত ক্লিক কৰিলে তথ্যৰ পৰিৱৰ্তে পোনপটীয়াকৈ ইয়াত প্ৰত্যক্ষ কৰা যায় জাপানীজ প’ৰ্ণগ্ৰাফীৰ এক ৱেবচাইট । ইয়াৰ পাচতেই সমগ্ৰ ৰাজ্যজুৰি বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগতে এনেধৰণৰ কাৰ্যৰে বিশ্ববিদ্যালয়খনৰ গৰিমাত আঘাত হনা কাৰ্যক গৰিহণা দিয়ে সকলোৱে । অৱশ্যে দুপৰীয়া পৰ্যন্ত কোনোধৰণৰ সালসলনি ঘটাব নোৱাৰে যদিও অৱশেষত প্ৰায় ১ মান বজাত এই হেকিঙৰ পৰা বিশ্ববিদ্যালয়ৰ ৱেবচাইট মুক্ত কৰিবলৈ সক্ষম হয় ।

Featured