দেশজুৰি CAA বলৱতৰ পাছত আছু-AJYCPৰ প্ৰতিক্ৰিয়া

দেশজুৰি বলৱৎ হ'ল CAA

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ১০ জানুৱাৰীৰ পৰা দেশজুৰি বলৱৎ হ’ল CAA। ৰাজপত্ৰিত জাননীৰে ঘোষণা কৰিলে গৃহ মন্ত্ৰণালয়ে। কিন্তু  আইনখনৰ বিধি সম্পৰ্কে ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক নাথে কয় যে আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা আছে ন্যায়ালয়ে আইনখন বাতিল কৰিব বুলি বিশ্বাস। আনহাতে  ১৭ জানুৱাৰীলৈ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে আছুৱে। মেজিৰ জুইত CAA দাহন কৰাৰ লগতে এই আইন জাপি দি কেন্দ্ৰই আমাৰ ওপৰত চাপ সৃষ্টি কৰিছে বুলিও মন্তব্য সভাপতিগৰাকীৰ। 

আনহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ চাৰিওফালে আন্দোলন চলি থকাৰ সময়তে ৰাইজৰ চিন্তা-শংকাক আওকান কৰি CAA বলৱৎ কৰিছে। অসমবাসীৰ যি মূল চিন্তা, বিদেশী নাগৰিকৰ ভয়াৱহতা আৰু এইখন আইনে আনিব পৰা সংকট ৰাইজে যুক্তিপূৰ্ণভাৱে উত্থাপন কৰাৰ পাছতো  চৰকাৰে অসমৰ আন্দোলনক, জনতাৰ কণ্ঠক  গুৰুত্ব নিদিলে। দিল্লীয়ে যে অসমৰ মানুহৰ কথা নুশুনে এই কথা পুনৰ প্ৰমাণিত হ’ল। এই সংগ্ৰাম ধাৰাবাহিক ভাৱে চলিব কাৰণ এই সংগ্ৰাম জাতীয় জীৱনৰ ভৱিষ্যত ৰক্ষাৰ সংগ্ৰাম, ভাষা-সংস্কৃতি-ৰাজনৈতিক অধিকাৰ, নিজৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ এইসকলো ধৰণৰ কথা য’ত জড়িত হৈ আছে যিবোৰৰ আজিলৈকে উচিত উত্তৰ পোৱা নাই বা বিষয়বোৰ সঠিক নিস্পত্তি হোৱা নাই এই বিষয়সমূহক লৈ সংগ্ৰাম অব্যাহত থাকিব আৰু ২২ জানুৱাৰীত শুনানিৰ দিনা আমাৰ অধিবক্তাৰ যোগেদি সকলো কথা যুক্তিপূৰ্ণ আৰু বলিষ্ঠ ভাৱে উত্থাপন কৰিম বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

               কেন্দ্ৰৰ এই সিদ্ধান্ত অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু ৰাজপথত সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য  AJYCPৰ সাধাৰণ সম্পাদক পলাশজ্যোতি চাংমাইৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজৰ আন্দোলনৰ প্ৰতি কোনো গুৰুত্ৱ নিদিলে এয়া চৰম হতাশাজনক আৰু দুৰ্ভাগ্যজনক কথা। সকলো ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব বুলিও মন্তব্য  AJYCPৰ সাধাৰণ সম্পাদক গৰাকীৰ।

দেশজুৰি বলৱৎ হ'ল CAA
Comments (0)
Add Comment