নাগৰিকপঞ্জী উন্নীতকৰণত ২০১৭লৈ ব্যয় হোৱা পুঁজিত ১৫০ কোটি টকাৰ দুর্নীতি

কেগৰ প্রতিবেদন হাতত লৈ বিস্ফোৰক অভিযোগ এপিডব্লিউৰ সভাপতিৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী অর্থাৎ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত বিয়াগোম দুর্নীতি হোৱাৰ তথ্য উন্মোচিত হৈছে ‘কেগ’ৰ (কম্পট্রলাৰ এণ্ড অডিটৰ জেনেৰেল অৱ ইণ্ডিয়া) শেহতীয়া প্রতিবেদনত ৷ হাতত ‘কেগ’ৰ প্রতিবেদন লৈ তথ্য সহকাৰে এই দুর্নীতি সন্দর্ভত সোমবাৰে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আছাম পাব্লিক ৱর্কছৰ (এ পি ডব্লিউ) সভাপতি অভিজিৎ শর্মাই ৷ ‘কেগ’ৰ প্রতিবেদনৰ উদ্ধৃতিৰে শর্মাই প্রদান কৰা তথ্য মতে, ২০১৭ চনলৈকে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াৰ নামত ব্যয় হৈছিল মুঠ ৭২৫ কোটি টকা ৷ ইয়াৰ ভিতৰত প্রায় ১৫০ কোটি টকাৰ দুর্নীতি সংঘটিত হোৱা বুলি ‘কেগ’ৰ হিচাপ–নিকাচত প্রকাশ পাইছে ৷ কেগৰ প্রতিবেদনৰ আঁত ধৰি শর্মাই প্রকাশ কৰা মতে, ২০১৭ চনলৈকে ৭৫০ কোটি টকাৰ ভিতৰত ছফ্টৱেৰ কোম্পানী উইপ্র’ই লাভ কৰিছিল ২৩২ কোটি টকাৰ ঠিকা ৷ ইয়াৰ ভিতৰত মাত্র ১০০ কোটি টকাৰহে কাম উইপ্র’ই কৰিছে ৷ বাকী ১৩২ কোটি টকাৰ কোনো হিচাপ দিব পৰা নাই উইপ্র’ই ৷ শর্মাৰ অভিযোগ অনুসৰি এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উইপ্র’ কর্তৃপক্ষৰ সৈতে মিলি উক্ত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে ৷ সমগ্র বিষয়টোত উচ্চ পর্যায়ৰ তদন্তৰ দাবী কৰে শর্মাই ৷ মঙলবাৰে ‘কেগ’ৰ প্রতিবেদনসহ উচ্চতম ন্যায়ালয়ত এ পি ডব্লিউৰ তৰফৰ পৰা হাজেলাৰ বিৰুদ্ধে তদন্ত কৰাৰ আবেদন জনোৱা হ’ব বুলিও শর্মাই সাংবাদিকক জানিবলৈ দিয়ে ৷

অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে ডুবাইৰ পৰা কেইবাশ কোটি টকা উৎকোচ পাইছিল হাজেলাই

এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে শর্মা আৰু এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে সোমবাৰে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ মতে, অবৈধ বাংলাদেশীৰ নাম নাগৰিকপঞ্জীত সন্নিৱিষ্ট কৰাৰ বাবে হাজেলাই ডুবাইৰ পৰা ধন লাভ কৰিছিল ৷ নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হোৱাৰ প্রথম পর্যায়তেই হাজেলাই কেইবাশ কোটি টকা ডুবাইৰ পৰা উৎকোচ লাভ কৰিছিল ৷ ২০১৬ আৰু ২০১৭ চনত অসমৰ পৰা কোন কোন লোক ডুবাইলৈ গৈছিল, সেই সন্দর্ভত ৰাজ্য চৰকাৰে তদন্ত কৰিলেই এইবোৰ কথা পোহৰলৈ আহিব বুলিও শর্মা আৰু তালুকদাৰে দাবী কৰে৷ তদুপৰি হাজেলাৰ ম’বাইল ফোনৰ কল ৰেকর্ড অনুসন্ধান কৰি চালেও সমগ্র বিষয়টো জলজল–পটপট হৈ পৰিব বুলিও তেওঁলোকে মন্তব্য কৰে ৷ মন কৰিবলগীয়া যে এ পি ডব্লিউৰ উপৰি যোৱা শুকুৰবাৰে সচেতন নাগৰিক মঞ্চ, অসমেও ‘কেগ’ৰ প্রতিবেদন লাভ কৰা বুলি সংগঠনটোৰ মুৰব্বী চন্দন ভট্টাচার্যই এন আৰ চিক লৈ সংঘটিত দুর্নীতিৰ কথা সাংবাদিকৰ আগত দাঙি ধৰিছিল ৷ ভট্টাচার্যই প্রকাশ কৰা মতে, যোৱা বছৰ ১৭ জুলাইৰ পৰা তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ ওচৰত এখন স্মাৰক–পত্রযোগে নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত সংঘটিত দুর্নীতিৰ তদন্ত চি বি আইৰ যোগেদি কৰাৰ দাবী জনাইছিল ৷

Featured
Comments (0)
Add Comment