পুনৰ কংগ্রেছৰে মিত্রতাৰ দুৱাৰ মুকলি বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ নির্বাচন আহিলেই কংগ্রেছৰে মিত্রতা কৰাৰ বাবে উত্রাৱল হৈ পৰে বদৰুদ্দিন আজমল৷ অসম বিধানসভাৰ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে আজমলৰ মুখত পুনৰ উচ্চাৰিত হৈছে কংগ্রেছৰে মিত্রতা কৰাৰ প্রসংগ৷

শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত আজমলে কয় যে এআইইউডিএফ দলে পূর্বৰে পৰা বিজেপি দল আৰু সাম্প্রদায়িক শক্তিক পৰাভূত কৰাৰ বাবে কংগ্রেছকে ধৰি ধর্মনিৰপেক্ষ, গণতান্ত্রিক শক্তিৰ সৈতে মিত্রতা কৰাত গুৰুত্ব দি আহিছে৷ ‘কা’বিৰোধী আন্দোলনকাৰীয়ে নতুন ৰাজনৈতিক দল গঠন কৰিলে এআইইউডিএফৰ আপত্তি কৰিবলগীয়া একো নাই বুলিও তেওঁ মন্তব্য কৰে৷

আনহাতে, ‘কা’ৰ প্রসংগত আজমলে কয় যে এ আই ইউ ডি এফ দলে আৰম্ভণিৰে পৰা ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি আহিছে৷ উচ্চতম ন্যায়ালয়ত এই সম্পর্কত গোচৰ ৰুজু কৰিছে৷ নতুন ভূমিনীতিৰ প্রসংগতো তেওঁ কয় যে চৰকাৰে খিলঞ্জীয়াৰ বাবে নতুন ভূমিনীতি প্রস্তুত কৰিছে৷ অথচ এতিয়ালৈ খিলঞ্জীয়াৰ সংজ্ঞাই নিৰূপণ হোৱা নাই৷ এই নতুন ভূমি নীতিৰ দ্বাৰা চৰকাৰে অসমৰ সম্প্রীতি বিনষ্ট কৰিব বিচাৰিছে৷

ইপিনে, দহ বছৰ পিছত আজমল অসমৰ মুখ্যমন্ত্রী হ’ব বুলি ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰি অহা মন্তব্যৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আজমলে কয় যে হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক ভৱিষ্যদ্বাণীক তেওঁ গুৰুত্ব দিয়ে৷ প্রতিটো নির্বাচনৰ সময়তে ভোটৰ এদিন আগতে তেওঁ প্রচাৰ মাধ্যমযোগে সম্ভাব্য নির্বাচনী ফলাফলৰ বিষয়ে ব্যক্ত কৰি আহিছে৷ বিজেপিলৈ অহাৰ পিছত প্রতিটো নির্বাচন সম্পর্কে ড০ শর্মাই দিয়া ভৱিষ্যদ্বাণী ১০০ শতাংশ মিলি গৈছে৷ এইবাৰ ড০ শর্মাই ১০ বছৰ সময়সীমা বান্ধি দি তেওঁ মুখ্যমন্ত্রী হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ অসমৰ ৰাইজে কাইলৈ তেওঁক মুখ্যমন্ত্রী পাতিবও পাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment