বিটিএডিৰ বহু নেতাৰ ঘৰে ঘৰে আছে অবৈধ মাৰণাস্ত্ৰ

গোসাঁইগাঁৱত সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ বিটিচি চুক্তিৰ পূর্বে বিএলটি আৰু বিটিআৰ চুক্তিৰ পূর্বে এনডিএফবিৰ চাৰিওটা গোটে অস্ত্র সমর্পণ কৰিছে যদিও বিটিচিত এতিয়াও বহু নেতাৰ ঘৰত অস্ত্র মজুত আছে৷ সেইবোৰ অবৈধ অস্ত্র লাহে লাহে উদ্বাৰ কৰা হ’ব৷ প্রাক্তন বিএলটি আৰু প্রাক্তন এনডিএফবিয়ে অবৈধ অস্ত্র চৰকাৰৰ হাতত সমর্পণ কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰে যদিও অধিকাংশ মাৰণাস্ত্র চৰকাৰৰ হাতত জমা নিদি প্রাক্তন বিদ্রোহী নেতাসকলৰ ঘৰত লুকুৱাই ৰাখিছে৷ সেইবোৰ অবৈধ অস্ত্র ক’ত আছে আৰু কাৰ লগত আছে আমি জানো৷’ এই মন্তব্য গণ সুৰক্ষা পার্টীৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ তেওঁ কালি গোসাঁইগাঁও মহকুমাধিপতিৰ কার্যালয়ত দলৰ প্রার্থীসকলৰ মনোনয়ন পৰীক্ষাৰ সময়ত উপস্থিত থাকি পর্যবেক্ষণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে হাগ্রামা আৰু প্রমোদ বডো আমাৰ বাবে কোনো ফেক্টৰে নহয়৷ দুয়োজনে নিজৰ সমষ্টি ৰক্ষা কৰাতে ব্যস্ত হৈ পৰিছে৷ গোসাঁইগাঁও মহকুমা প্রশাসনৰ অধীনস্থ ছটা পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা সকলোৰে মনোনয়ন বৈধ বুলি ঘোষণা হোৱাৰ পিছত নৱ শৰণীয়াই ছটা সমষ্টিতে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পার্টীৰ প্রার্থী জয়ী হ’ব আৰু বিটিচিত ক্ষমতাৰ পৰিৱর্তন অৱশ্যম্ভাৱী বুলি দাবী কৰে৷ গণ সুৰক্ষা পার্টী, অবডো সুৰক্ষা সমিতি আৰু জনগোষ্ঠীয় ঐক্যমঞ্চৰ পৰা প্রক্ষেপিত প্রার্থীসকলৰ জয় নিশ্চিত বুলি দাবী কৰি তেওঁ সাংবাদিকৰ আগত কয় যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিটিচি নির্বাচন শান্তিপূর্ণভাৱে সম্পূর্ণ কৰিব বুলি আমি আশা কৰিছোঁ৷ ‘অবৈধ অস্ত্র ব্যৱহাৰ কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব’ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যি প্রতিশ্রুতি দিছে সেয়া পালন কৰা হ’ববুলিও আমি আশাবাদী৷ স্বচ্ছ আৰু শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰাৰ লগতে নির্বাচনৰ আগে–পাছে যাতে কোনো অপ্রীতিকৰ তথা হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰক পদক্ষেপ গ্রহণ কৰাৰ দাবী জনায়৷ সম্প্রতি বিটিচিৰ বিভিন্ন অঞ্চলত অবৈধ অস্ত্র উদ্ধাৰ হৈ থকা ঘটনাই মোৰ অভিযোগৰ সত্যতাকে প্রতীয়মান কৰিছে বুলি নৱ শৰণীয়াই দাবী কৰি আকৌ বড়ো ৰাজনীতিৰ সমালোচনাত মুখৰ হৈ পৰে৷ প্রাক্তন বিএলটি আৰু বর্তমানে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে সেই সময়ত ১৫০০ বিএলটি সদস্য লৈ আত্মসমর্পণ কৰিছিল, কিন্তু মাত্র ৬০টা অস্ত্রহে জমা কৰিছিল৷ একেদৰে সম্প্রতি এনডিএফবিৰ অস্ত্র সমর্পণ কার্যসূচীতো ব্যাপক বিসংগতি থকা বুলি দাবী কৰে৷ প্রাক্তন বিএলটিৰ মাৰণাস্ত্রসমূহ কত গ’ল বুলি প্রশ্ণ কৰে আৰু হাগ্রামা ক্ষমতাচ্যুত হ’লে আর্থিক, দুর্নীতি আৰু অস্ত্র আইনত জে’লত যোৱাটো খাটাং বুলি শৰণীয়াই দাবী কৰে৷ বহুতো নেতাৰ পাকঘৰতো অবৈধ অস্ত্র মজুত কৰি ৰাখিছে৷ আনকি গোসাঁইগাঁৱতো বহু অবৈধ অস্ত্র নেতাসকলৰ হাতত আছে বুলিও অভিযোগ কৰে৷ বিটিচি নির্বাচনত কাৰো লগত মিত্রতা নহয়৷ অন্যান্য দলেহে গণ সুৰক্ষা পার্টীত আহিব লাগিব বুলি শৰণীয়াই দৃঢ়তাৰে কয়৷

Comments (0)
Add Comment