বিটিচিক দুর্নীতিৰ ছিণ্ডিকেটত পৰিণত কৰিলে হাগ্রামাই

জালাহত ইউপিপিএলৰ যোগদান সভাত প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ‘কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ উপযুক্ত সঁহাৰিৰ পিছত যোৱা ২৭ জানুৱাৰীত আমি এক শান্তি চুক্তি কৰিবলৈ সক্ষম হৈছেছা৷ এতিয়া আমাৰ মাজত শান্তি আহিল৷ আমাৰ নিৰাপত্তা আহিল জীৱন আৰু সম্পত্তিৰ৷ কিন্তু এই নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷’ বাগসা জিলাৰ জালাহত ইউ পি পি এলত যোগদান উপলক্ষে অনুষ্ঠিত এখন সভাত আজি ইউ পি পি এলৰ সভাপতি তথা বি টি চি নির্বাচনৰ ২২ নং ককলাবাৰী সমষ্টিৰ দলটোৰ প্রার্থী হিচাপে মনেনয়ন–পত্র আগবঢ়োৱা প্রাক্তন এবছু নেতা প্রমোদ বড়োৱে নিজৰ ভাষণত এইদৰে উল্লেখ কৰে৷ তেওঁ কয় যে ভূমিৰ নিৰাপত্তা, সংস্কৃতিৰ নিৰাপত্তা, ভাষাৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷ খিলঞ্জীয়া মানুহে ভালকৈ জীয়াই থাকিব পৰা আটাইবোৰ দিশতে নিৰাপত্তা লাগিব৷ ইয়াৰ পিছতে উন্নয়ন লাগিব৷ পৃথিৱীৰ মানুহ উন্নতিৰ দিশত বহুত আগবাঢ়ি গ’ল৷ কিন্তু আমাৰ অঞ্চলবোৰ এতিয়াও বহুত পিছপৰা হৈ আছে৷ উন্নয়নৰ দিশত, ৰাস্তা–ঘাট নির্মাণৰ দিশত বি টি চি চৰকাৰে ইমান বছৰে একোৱে নকৰিলে৷ তেওঁ উদাহৰণস্বৰূপে উল্লেখ কৰে যে এম এল এ, সাংসদ বা ই এম এ তামুলপুৰৰ গয়বাৰীৰ দৰে অঞ্চলত একোৱে নকৰিলে৷ ইয়াৰ ফলত মানুহৰ অৱস্থা ক্রমে বেয়া হৈ গৈছে, এটা জাতিৰ আন এটা জাতিৰ মাজত সন্দেহ–সংশয় বাঢ়িছে কিহৰ কাৰণে বুলি প্রশ্ণ কৰি তেওঁ কয় যে ইয়াৰ মূল কাৰণ হ’ল ৰাজনৈতিক নেতাবোৰে সকলো জাতি–জনগোষ্ঠীৰ লোককে আঁকোৱালি ল’ব পৰা নাই৷ এটা জনগোষ্ঠীয়েও যদি নিজকে নিৰাপদ বুলি ভাবিব পৰা নাই৷ বি টি চিত যদি কোনো এটা জনগোষ্ঠীয়েই উন্নয়নৰ দিশত আগুৱাই যোৱা বুলি অনুভৱ কৰিব পৰা নাই, তেন্তে অচিৰেই ইয়াত এক বিদ্রোহ হ’ব৷ সকলো জনগোষ্ঠীয়ে সন্মিলিতভাৱে বিদ্রোহ কৰিব৷ এতিয়া বডো– অনাবড়োৰ নামত মানুহে যিটো কৰিছে সি বেছি দিন নাথাকে৷ কাৰণ এনে কথাবোৰ মানুহে ভাল নাপায়৷ আৰু এক বিদ্রোহ হ’ব, সি হ’ব পোৱা–নোপোৱৰ বিদ্রোহ৷ বি টি চিত যদি পোৱা আৰু নোপোৱাৰ মাজত ভাগ ভাগ কৰিব লাগে, তেন্তে নোপোৱাসকলৰ ৯৯ শতাংশ আৰু পোৱা মানুহৰ সংখ্যা মাত্র এক শতাংশহে ওলাব৷ আজি যিসকলে পাইছে সেইসকল সন্তুষ্ট যদিও নোপোৱাসকল অসন্তুষ্ট হৈ আছে৷ এই ৯৯ শতাংশ নোপোৱা মানুহৰ কথা আমি চিন্তা কৰিব লাগিব৷ তেওঁ ভাষণত ৰাজনীতি তেওঁৰ নিচাও নহয়, পেছাও নহয়, উদ্দেশ্যও নহয়, লক্ষ্যও নহয় বুলি উল্লেখ কৰি কয় যে ৩২ লাখ মানুহৰ উন্নয়ন আৰু নিৰাপত্তাক লৈ যিসকলে ৰাজনীতি কৰি আছে, সেই খেলা বন্ধ কৰি জনসাধাৰণৰ হাতলৈ ক্ষমতা ঘূৰাই আনিব লাগিব৷ তেওঁ কয় যে বিগত সময়ত প্রশাসন দুজনমান মানুহে হস্তগত কৰিলে৷ প্রশাসন ৰাইজৰ হাতত নাই, প্রশাসন পুনৰ ঘূৰাই আনিব লাগিব৷ তেওঁ কয় যে শাসন যন্ত্র, প্রশাসন ৰাইজৰ লগত থাকিব লাগিব৷ ৰাজনীতি দুই–এজনে যদিও কৰিব, প্রশাসন ৰাইজৰ লগত থাকিব লাগিব৷ সেইবাবেই ৰাইজৰ উন্নয়ন হোৱা নাই৷ গতিকে প্রশাসন ৰাইজৰ স্বার্থত থাকিব লাগিলে সমাজৰদায়িত্বশীল লোকসকলক ক্ষমতালৈ আনিব লাগিব৷ তেওঁ ইউ পি পিএলৰ স্থিতি স্পষ্ট হৈ গৈছে বুলি উল্লেখ কৰি এইবেলি ইউ পি পি এলেই বি টি চিৰ শাসন ক্ষমতালৈ আহিব বুলি দাবী কৰে৷ নিজকে এজন খিলঞ্জীয়া মানুহৰ প্রতিনিধি হিচাপে ৰাইজৰ এজন হৈ ৰাইজৰ উন্নয়নৰ স্বার্থত ওলাই অহা বুলি উল্লেখ কৰি ইউ পি পি এলৰ সভাপতি বডোৱে কয় যে আমি অসমৰ বাসিন্দা, আমি বি টি আৰৰ বাসিন্দা সকলোৱে একগোট হৈ আগবাঢ়ি যাব লাগিব৷ বহুত হ’ল– আমি হিন্দু–মুছলিম কৰিলোঁ, বড়ো– অনাবড়ো কৰিলোঁ, বিভিন্ন জাতিগত ভেদাভেদ কৰিলোঁ, কিন্তু উন্নয়নৰ নামত আমাৰ একোৱে নহ’ল৷ এইবোৰৰ দ্বাৰা কাৰোবাক ৰজা বা কাৰোবাক মন্ত্রী বনোৱাৰ বাহিৰে একো নহ’ব৷ গতিকে আমি ৰাজনৈতিক সংহতিৰ বার্তাৰে আগবাঢ়িব লাগিব৷ সকলোৱে সামূহিক নিৰাপত্তা পাব লাগিব৷ বডোৱে যদি কিবা পাইছে, অসমীয়ায়ো পাব লাগিব, সংখ্যালঘু, মদাহি, শৰণীয়া, আদিবাসী আদি সকলো জনগোষ্ঠীয়ে পাব লাগিব৷ তেওঁ ভাষণত সকলো জনগোষ্ঠীয়ে সমমর্যাদা, সম–ধিকাৰ , সম–উন্নয়ন পাব লাগিব বুলি কয়৷ তেতিয়াহে সমাজ আগুৱাই যাব৷ ইয়াৰ পিছতে তেওঁ চৰাকৰৰ বিভিন্ন জনহিতকৰ আঁচনিৰ উল্লেখ কৰি এইবোৰ আমাৰ অঞ্চলত ৰূপায়নণ হোৱা নাইবুলি তীব্র অভিযোগ কৰে৷ তেওঁ কয় যে হাগ্রামাহঁতে আমাৰ বিভিন্ন সমস্যা, শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধান কৰিব নোৱাৰিলে৷ অংগনৱাড়ীৰ সমস্যা, মধ্যাহ্ণ ভোজনৰ সমস্যা সমাধান কৰিব নোৱাৰিলে৷ ৯৯ শংতাংশ শিক্ষকৰ সমস্যা, ৰাস্তা–ঘাটৰ সমস্যা সমাধান কৰিব নোৱাৰিলে৷ কি কৰিলে তেনেহ’লে বুলি প্রশ্ণ কৰি তেওঁ কয় যে ভাৰতৰ প্রধানমন্ত্রীয়ে কৈছে যে সকলো দৰিদ্র মানুহকে একোটাকৈ ভাল ঘৰ দিব লাগে৷ হাগ্রাম মহিলাৰীয়ে যোৱা নির্বাচনত কৈছিল এক লাখ ত্রিশ হাজাৰ টকাৰ ঘৰ দিয়া হ’ব৷ কিন্তু ঘৰ পাইছেনে? তেওঁ ভাষণত হাগ্রামা মহিলাৰীক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে হাগ্রামা মহিলাৰীয়ে মোক দালালি, বেপাৰী, মিছলীয়া বুলি কৈছে, কিন্তু মই মিছা কথা কোনে কয় আপোনালোকক ক’ব বিচাৰিছেঃ মই এবছু থকা অৱস্থাত মিছা কথা কোৱাৰ প্রয়োজনেই নাছিল৷ এনেয়ে মই এজন সংগ্রামী–আন্দোলনকাৰ্ আছিলোঁ৷ মিছা কথা কোৱাৰ মোৰ প্রয়োজনেই নাছিল৷ তেওঁ কয়– দালালি, বেপাৰী আজি তেওঁহে (হাগ্রাইহে) কৰি থাকে বুলি উল্লেখ কৰি কয় যে তেওঁৰ বহুত বেপাৰ আছে, হোটেল আছে, ক্রেচাৰ মেচিন আছে, হাস্পতাল আছে, বহুত বেপাৰ আছে৷ মোৰ সেইবোৰ নাই৷ এটা মাত্র মিছা কথাৰ উল্লেখ মই কৰিব বিচাৰিছেছা– তেওঁ বিয়া হোৱা মহিলাক দুই তোলাকৈ সোণ দিয়াৰ প্রতিশ্রুতি দিছিল৷ দ্বিতীয় বা তৃতীয়বাৰ বিয়া হ’লে আৰু বেছিকৈ সোণ দিম বুলি কৈছিল৷ কোনোবাই সোণ পালেনে? তেওঁৰ কথা শুনি যদি কোনোৱে দুই–তিনিগৰাকী বিয়া কৰিছে, তেন্তে তেওঁৰ ঘৰখন ধ্বংস হৈ গ’লনে? এই কথা তেওঁ ক’ব নালাগিছিল৷ তেওঁ কামৰ নিশ্চিতিৰ কথা উল্লেখ কৰি কয় যে সকলোৱে কামৰ নিশ্চিতি পাব লাগিব৷ তেওঁ নির্বাচনৰ পিছত আত্মসহায়ক গোটবোৰক পঁয়সত্তৰ হাজাৰ টকাকৈ দিয়া হ’ব, যদিহে ইউ পি পি এ ক্ষমতালৈ আহে বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এইবোৰ উল্লেখ কৰি মই প্রলোভনৰ ৰাজনীতি কৰিব বিচৰা নাই৷ ভাৰত চৰকাৰৰ আঁচনি অনুসৰি এই টকা দিয়া হ’ব৷ তেওঁ বিভিন্ন স্বনিয়োজন আঁচনিৰ উল্লেখ কৰি ইউ পি পি এল ক্ষমতালৈ আহিলে এইবোৰ ৰূপায়ণ কৰা হ’ব বুলিও উল্লেখ কৰে৷ তেওঁ কয় যে এইবাৰ বি টি চিত কোনো ই এম জি এম, চীফ নাথাকে৷ এইবাৰ বি টি চি, বি টি আৰত ৰাইজেই ৰজা হ’ব৷ ইয়াত কাৰো দাদাগিৰি নচলিব৷ কোনো বি টি চি অফিচলৈ তাঁতবাতি কাঢ়ি থাকিব নালাগিব৷ কম্পিউটাৰ–ইণ্টাৰনেট্ গাঁওসমূহ সংযোগ কৰা হ’ব৷ গাঁৱত থাকিয়ে গাঁওবুঢ়াৰ ঘৰত থকা কম্পিউটাৰৰ জৰিয়তে ৰাইজে বিভিন্ন আবেদন–নিবেদন কৰিব পাৰিব৷ পাঁচদিন পিছতে ইয়াৰ উচিত ফলাফল ৰাইজে ঘৰত বহিয়ে লাভ কৰিব৷ ৰাইজে কোনো ই এম বা জি এমৰ পিছে পিছে আৰু দৌৰি থাকিব নালাগিব৷ বি টি চিত থকা তিনি হাজাৰ বিৰাশীখন গাঁৱক সম্পূর্ণৰূপে কম্পিউটাৰাইজ কৰা হ’ব৷ এইখিনি কামৰ বাবে মাত্র তেইশ কোটি টকাহে লাগে৷ এই তেইশ কোটি টকা আমাৰ ৰজা–মহাৰজাসকলে বিদেশ ভ্রমণ কৰিয়ে খৰচ কৰে৷ তেওঁ হাগ্রামাই বি টি চিক দুর্নীতিৰ ছিণ্ডিকেটত পৰিণত কৰা বুলি অভিযোগ কৰে৷ চাকৰিৰ নামত দুর্নীতিৰ বজাৰ বহুৱা বুলিও অভিযোগ উত্থাপন কৰে৷ তেওঁ কয় যে ‘এটা ভোট এটি পৰিৱর্তন আৰু এটি সংস্থাপন’ৰ প্রতিশ্রুতিৰে নির্বাচনী যুজত নামি পৰা বুলি উল্লেখ কৰি কয় যে এইবাৰ বি টি আৰত কোনো জাতি ভেদাভেদৰ ৰাজনীতি নচলিব, ধনবল–বাহুবলৰ ৰাজনীতি নচলিব, ডাবি–ধমকিৰ ৰাজনীতি নচলিব, মানুহ কিনা–বেচাৰ ৰাজনীতি নচলিব৷ প্রকৃত গণতান্ত্রিক ৰাজনীতিহে চলিব লাগিব৷ সকলোৱে শান্তি–সম্প্রীতি, সমমর্যাদাৰে জীয়াই থাকিব পাৰিব লাগিব৷ এই নীতিৰে আমি আগুৱাই যাম৷ ৰাইজক ৰাইজৰ চৰকাৰ প্রতিষ্ঠাৰ বাবে আগুৱাই আহিবলৈ তেওঁ আহ্বান জনায়৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত প্রমোদ বডোৱে কয় যে কাকো প্রতিদ্বন্দ্বী হিচাপে লৈ নির্বাচনত অৱতীর্ণ হোৱা নাই৷ তেওঁ একক সংখ্যাগৰিষ্ঠতাৰে বি টি চিত ইউ পি পি এলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ প্রয়োজনত সংখ্যাৰ বাবে যিকোনো দলৰে সহযোগত ইউ পি পি এলে চৰকাৰ গঠন কৰিব৷ তেওঁ নৱ শৰণীয়াৰ কথাৰ উদ্বৃতিৰে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কয় যে কোনো লগ্ণ চাই ৰাজনীতিলৈ অহা নাই৷ ৰাইজে উন্নয়নৰ দায়িত্ব ল’বলৈ বিচৰা বাবে, ৰাইজৰ সম–মর্যাদা আৰু সম–উন্নয়নৰ স্বার্থত ৰাজনীতিলৈ আহিছোঁ, তেওঁ কয়৷ ককলাবাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত দলটোত যোগদানৰ এই অনুষ্ঠানত ইউ পি পি এলৰ কেন্দ্রীয় নির্বাচনী কমিটীৰ অধ্যক্ষ নাথুৰাম বডোৱেও ভাষণ আগবঢ়ায়৷ ইউ পি পি এলৰ মুছলপুৰ জিলাৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা এই সভাত মুছলপুৰ জিলা নির্বাচনী কমিটীৰ অধ্যক্ষ বি খৈৰৌম দৈৰৌম, ইউ পি পি এলৰ কেন্দ্রীয় সদস্য মইনুল আলী প্রমুখ্যে দলটোৰ কেইবাগৰাকী জিলা আৰু ব্লক পর্যায়ৰ নেতা–কর্মী উপস্থিত থাকে৷ আজি এই সভাৰ জৰিয়তে বি পি এফৰ ১৭ গৰাকী, এবছুৰ চাৰি গৰাকী, অবড়ো সুৰক্ষা সমিতিৰ ১৯ গৰাকী, বিজেপিৰ চাৰিগৰাকী, পিপলছ জইণ্ট একচন কমিটী ফৰ বড়োলেণ্ড পীচ ইনিচিয়েটিভৰ এগৰাকীকে ধৰি মুঠ ৪৫জন লোকে দলটোত যোগদান কৰে৷

Comments (0)
Add Comment