বিভাজন স্পষ্টঃ অগপ কাৰ্যালয়ত যুদ্ধংদেহী প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ক লৈ পুনৰ বিভাজনৰ দিশে আগবাঢ়িছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপ ৷ পূর্বৰ দৰে দলক বিভাজনৰ দিশলৈ নিয়াৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ৷ নাগৰিকত্ব সংশোধনী আইনবিৰোধী স্থিতিৰে নেতৃত্বৰ বিৰুদ্ধে মুকলি সংঘাতত নমা মহন্তই এই লক্ষ্যৰে আজি আমবাৰীত আয়োজন কৰিছিল এখন বিশেষ সভা । কিন্তু এই সভাৰ কথা জানিব পাৰি অতুল বৰা সহ অগপৰ কেন্দ্ৰীয় নেতৃত্ব যেন অকস্মাতে তৎপৰ হৈ পৰিল মহন্তৰ বিৰুদ্ধে ।

অগপ কাৰ্যালয়ত তলা

কিয়নো পুৱাই অগপৰ বহুকেইখন জিলাৰ প্ৰতিনিধি আহি হাজিৰ হৈছিল গুৱাহাটীৰ আমবাৰী কাৰ্যালয়ত । প্ৰফুল্ল মহন্তৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীত হাজিৰ হোৱা এইসকল নেতা-কৰ্মীক কিন্তু নিজ কাৰ্যালয়তে প্ৰৱেশত বাধা প্ৰদান কৰিলে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে । ইয়াৰ পাচতেই ক্ষোভিত হৈ পৰে অগপৰ তৃণমূল পৰ্যায়ৰ এইসকল নেতা-কৰ্মী । নিজ দলৰ কাৰ্যালয়তে প্ৰৱেশত বাধা দিয়াৰ বাবে বৈঠকৰ স্থান ভাগৱতীপ্ৰসাদ বৰুৱা ভৱনলৈ স্থানান্তৰ কৰা হয় ।

যুদ্ধংদেহী প্ৰস্তুতি কাৰ্যালয়ত

মঙলবাৰে দিনৰ ভাগত অগপ কাৰ্যালয়ৰ সন্মুখত দেখা পোৱা । যুদ্ধংদেহি তৎপৰতা আৰু ৰেপিড একছ্ন ফৰ্চৰ তহলে বাৰুকৈয়ে সূচাইছে আঞ্চলিক দলটোত আহি পৰা বিভাজন । বিশেষকৈ ‘কা’ক লৈ অগপৰ গৰিষ্ঠসংখ্যক জিলা সমিতি আৰু তৃণমূলৰ কৰ্মীয়ে বিৰোধিতা কৰি অহাৰ পাচতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে এইসকল কৰ্মী ।

ইফালে , নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি আয়োয়ন কৰা এই বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অতুল বৰা বাহিনীয়ে বাধা প্ৰদান কৰাৰ পাচতেই এতিয়া তুংগত উঠিছে আঞ্চলিক দলটোত বিভাজনৰ ৰাজনীতি ।

Featured
Comments (0)
Add Comment