বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ৬ জুনঃ যোৱা ১৩ মেত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ইহসংসাৰৰ পৰা বিদায় লোৱা মহীয়সী নাৰী অদম্য সাহসৰ প্ৰতীক প্ৰয়াত পদ্মশ্ৰী ড° বিৰুবালা ৰাভাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আত্মাৰ সদগতি কামনা কৰি পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰি পৰিয়ালৰ সৈতে মত বিনিময় কৰে৷ ইফালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পদ্মশ্ৰী ড° বিৰুবালা ৰাভাৰ দৰে সাহসী আৰু নিষ্ঠবান মহীয়সী নাৰীৰ বিয়োগ এখন সমাজৰ কাৰনে অপূৰণীয় ক্ষতি। তেওঁ সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে তথা নাৰী শক্তিৰ অধিকাৰ বাবে যি কাম কৰি গৈছে সেই কামৰ আদৰ্শৰে সমাজখন আগবাঢ়িব লাগিব। চিকিৎসাধীন অৱস্থাত দৈনিক বাইদেউৰ স্বাস্থ্যৰ খবৰ লৈছিলোঁ যদিও বিয়োগৰ সময়ত নিৰ্বাচনী ব্যস্ততা আৰু ৰাজ্যৰ বাহিৰত থকা বাবে পৰিয়ালক সাক্ষাৎ কৰি মোৰ দুখ আৰু শোক প্ৰকাশৰ সুবিধা পোৱা নাছিলো। বিৰুবালা ৰাভাৰ মৃত্যুয়ে সকলোকে মৰ্মাহত কৰিছে আৰু অসমবাসীয়ে জাতীয় জীৱনৰ এটি সম্পদ হেৰুৱালে। বিৰুবালা ৰাভাৰ আদৰ্শ সন্মুখত ৰাখি কু সংস্কাৰৰ বিৰুদ্ধে তেওঁ আৰম্ভ কৰা সংগ্ৰামখন চলাই নিয়াটো আমাৰ সকলোৰে দ্বায়িত্ব। পৰিয়ালৰ অনুৰোধৰ প্ৰতি লক্ষ্য কৰি মিছন বিৰুবালা শক্তিশালী কৰা আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰাত ৰাজ্য চৰকাৰে সহায় কৰিব। ১৩ মেৰ দিনটো বিৰুবালা ৰাভাৰ মৃত্যু তিথি উপলক্ষে অন্ধ বিশ্বাস আৰু কু সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিব পাৰি নে নাই আজি এই সম্পৰ্কে কেবিনেটত আলোচনা কৰা হব। লগতে বিৰুবালা ৰাভাৰ নাম অক্ষয় বন্তি হৈ জ্বলাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে ব্যবস্থা লব মন্তব্য কৰে। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে প্ৰয়াত বিৰুবালা ৰাভাৰ পৰিয়ালবৰ্গ।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

Featured