বৰপেটাত উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী বিষয়া

মুখ্যমন্ত্রীৰ তদাৰকী–দুর্নীতি নিবাৰকৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৯ মার্চঃ ৰাইজৰ জীৱন আৰু সা–সম্পত্তি সুৰক্ষাৰ লগতে শান্তি–শৃংখলা অটুট ৰখাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে ৰাইজৰ পৰা ভেটী লৈ হাৰাশাস্তি কৰা ঘটনাই বৰপেটা চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জনিব পৰা মতে, বৰপেটা সদৰ থানাৰ মাধৱ কলিতা নামৰ সহকাৰী উপ–পৰিদর্শক এগৰাকীয়ে বৰপেটা গজিয়া পথৰ দিগন্ত দাস নামৰ এজন যুৱকৰ পৰা এটি গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবে ১০ হাজাৰ টকা দাবী কৰিছিল ৷ যুৱকজনে এই সন্দর্ভত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ বুধবাৰে সন্ধিয়া তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক আজিজা গুলেনুৰৰ নেতৃত্বত অহা ১৩জনীয়া এটা দলে বৰপেটা সদৰ থানাৰ সন্মুখত আৰক্ষী উপ–পৰিদর্শকগৰাকীক ১০ হাজাৰ টকাৰ নগদ ধনসহ হাতে–লোটে আটক কৰে ৷ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ দলটোৱে সহকাৰী উপ–পৰিদর্শকগৰাকীক আটক কৰি বৰপেটা সদৰ থানালৈ লৈ আহে আৰু নিশালৈকে জেৰা চলায় ৷ নিশা তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ দলটোৱে আৰক্ষীৰ সহকাৰী উপ–পৰিদর্শকগৰাকীক গ্রেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় ৷

Comments (0)
Add Comment