বৰপেটাৰ জেহাদীৰ গোচৰত অতিৰিক্ত চাৰ্জশ্বীট দাখিল নিয়াৰ

ভাৰত-বাংলাদেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ বৰপেটাৰ জেহাদীৰ গোচৰত শুকুৰাৰে আন এখন চাৰ্জশ্বীট দাখিল কৰে নিয়াই। হাফিজুল ৰহমান আৰু আজাহাৰউদ্দিন আহমেদৰ বিৰুদ্ধে নিয়াই আদালতত এই
চাৰ্জশ্বীটখন দাখিল কৰে। দুই অভিযুক্তৰ বিৰুদ্ধে বে আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনক চাৰ্জশ্বীটখন দাখিল কৰা হয়। উল্লেখ্য যে জে এম বিৰ একাংশ সদস্যই ভাৰত
আৰু বাংলাদেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছিল। ইতিমধ্যেই একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা শ্বাহানুৰ আলম নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজন বৰপেটা জিলাত কুখ্যাত সন্ত্ৰাসবাদী
সংগঠনটোৰ হৈ বিভিন্ন কাম-কাজ সংঘটিত কৰিছিল। মূলতঃ জিলাখনত সদস্য ভৰ্তিৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল শ্বাহানুৰ আলমে। পশ্চিমবংগৰ বৰ্ধমান বিস্ফোৰণৰ গোচৰত আলমক গ্ৰেপ্তাৰ কৰাৰ পিছকে নিষিদ্ধঘোষিত জে এম বিৰ এই কাৰ্যৰ তথ্য পোহৰলৈ আহিছিল।নিয়াই চাৰ্জশ্বীট দাখিল কৰা হাফিজুৰ আৰু আজাহাৰউদ্দিনেও শ্বাহানুৰ আলমৰ অধীনত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিয়াই বিভিন্ন ধাৰাৰ অধীনত আৰ চি ১৪/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছে।

Comments (0)
Add Comment