ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বৰঝাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ সোমবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হয় G546 নম্বৰ এখন go Air বিমান ।

বিমানখনৰ ফেনৰ বিজুটি

গুৱাহাটীৰ পৰা কলকাতালৈ উৰণৰ সময়তে বিমানখনৰ ভিতৰত থকা ফেনত বিজুটি ঘটে । অৱশ্যে লগে লগে বৈমানিকে বিমানখন পুনৰ গুৱাহাটী বিমান বন্দৰত জৰুৰীভাৱে অৱতৰণ কৰায় ।

যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছে বিমানখনত থকা ১৫৭ গৰাকী যাত্ৰীৰ। আনহাতে এই সম্পৰ্কে বৰ্তমানলৈকে go Air ৰ কৰ্তৃপক্ষই কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে দেওবাৰে বৰঝাৰ বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে কেইবাখনো বিমানৰ অৱতৰণত বিলম্ব হৈছিল ।

Featuredলোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ
Comments (0)
Add Comment