মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ মন্ত্রীসভাত সোমাল যোগেন মহন, সঞ্জয় কিষাণ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ৰাজ্যত কা বিৰোধী অস্থিৰতাৰ মাজতে আজি দ্বিতীয়বাৰৰ বাবে সম্প্ৰসাৰণ হ’ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰীসভাৰ । নতুন মন্ত্রী ৰূপে আজি শপত ল’লে মাহমৰাৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে৷

উল্লেখ্য যে পূর্বৰ ৰাজ্যিক মন্ত্রী তপন গগৈ আৰু পল্লৱলোচন দাস সাংসদ হিচাপে নির্বাচিত হোৱাৰ পাছত খালী হৈ আছিল মন্ত্রীসভাৰ এই দুখন আসন৷ মুখ্যতঃ এই আসন দুখন পূৰণৰ বাবে আজি মন্ত্রীসভাত অন্তর্ভুক্ত হ’ব দুই বিজেপি বিধায়ক যোগেন মহন আৰু সঞ্জয় কিষাণ৷

আজি পুৱা ৰাজ্যপাল জগদীশ মুখীয়ে দুয়োজনকে মন্ত্রী ৰূপে শপতবাক্য পাঠ কৰায়৷

উল্লেখ্য যে ২০১৮ চনৰ ২৬ এপ্রিলত সোণোৱাল মন্ত্রীসভাৰ প্রথমটো সম্প্রসাৰণ কৰা হৈছিল৷ সেই সম্প্রসাৰণৰ লগতে মন্ত্রীসকলৰ বিভাগসমূহৰো সালসলনি কৰা হৈছিল৷

Featured
Comments (0)
Add Comment