মানসিক নির্যাতনৰ বলি হৈ থিয়েটাৰ এৰিলে অভিনেত্রী প্রণীতা দেৱীয়ে

হিমাদ্রী থিয়েটাৰৰ সম্পাদকৰ বিৰুদ্ধে দলগাঁও থানাত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভ্রাম্যমাণ থিয়েটাৰৰ সম্পাদকৰ মানসিক নির্যাতন সহিব নোৱাৰি অৱশেষত থিয়েটাৰ এৰি গুছি আহিব লগা হ’ল এগৰাকী অভিনেত্রী ৷ অভিযোগ অনুসৰি বিগতবর্ষৰে পৰা হিমাদ্রী থিয়েটাৰত অভিনয় কৰি আহিছিল কলাইগাঁৱৰ অভিনেত্রী প্রণীতা দেৱীয়ে ৷ কিন্তু হিমাদ্রী থিয়েটাৰৰ সম্পাদক দীপক নাথে অভিনেত্রী দেৱীক ফোনযোগে নানা অশ্লীল ইংগিত দিয়াৰ লগতে দীর্ঘদিন ধৰি মানসিক নির্যাতন চলাই আহিছিল ৷ এনে বিকৃত মানসিকতাৰ সম্পাদক দীপক নাথৰ কোনো অশ্লীল ইংগিতক অভিনেত্রীগৰাকীয়ে গুৰুত্ব প্রদান নকৰাৰ বাবেই বহু অপবাদ জাপি দিছিল দীপক নাথে ৷

অৱশেষত বিগত বর্ষৰ ৩ ডিচেম্বৰত দৰং জিলাৰ লালপুৰত হোৱা নাট প্রদর্শনৰ নিশা কোনোব্যক্তিৰ মোবাইল ফোনৰ পৰা দীপক নাথে অভিনেত্রী প্রণীতা নাথক প্রাণে মৰাৰ ভাবুকি দিয়ে ৷ বিষয়টো সন্দর্ভত দলগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়াক জনায় যদিও কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবেই পুনৰ ২৩ ডিচেম্বৰত লিখিতভাৱে এজাহাৰ দাখিল কৰে দলগাঁও থানাত ৷

ইফালে, দলগাঁও আৰক্ষীয়ে বিষয়টো সন্দর্ভত আজিলৈ হিমাদ্রী থিয়েটাৰৰ সম্পাদক দীপক নাথৰ ওপৰত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ব্যৱস্থা গ্রহণ কৰা নাই এজাহাৰত উল্লেখ কৰা মোবাইল ফোনৰ গৰাকীৰ ওপৰতো ৷ উল্লেখ্য যে দীপক নাথৰ ওপৰতব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষীৰ কাষ চপাৰ বাবেই অভিনেত্রী প্রণীতাক থিয়েটাৰৰ প্রেক্ষাগৃহত প্রতিটো দর্শনীত বেছিকৈ মানসিক নির্যাতন কৰিবলৈ ধৰাত থিয়েটাৰ এৰি ঘৰলৈ আহিব লগা হ’ল অভিনেত্রীগৰাকীয়ে ৷

Featured
Comments (0)
Add Comment