মোৰ কথাক লৈ কলিতা জনগোষ্ঠীয়ে যদি দুখ পাইছে, মই দুঃখিত

তেজপুৰত জুবিনৰ আত্মসমালোচনা

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ “এতিয়া আমি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লাগিব লাগে৷ অদৰকাৰী কথা এটাত লাগি আছে তেওঁলোক৷ ভুল বুজিছে আচলতে৷ যদি ভুল বুজিছে, মই দুখ পাইছেছা৷ আৰু যদি তেওঁলোকে দুখ পাইছে, তেন্তে সেইটোৰ কাৰণেও মই দুখ পাইছেছা৷ মই তেনেকৈ কোনো কথা কোৱা নাই৷ মই কৈছো যে সকলো অসমীয়া হ’ব লাগে৷ কোনো গোষ্ঠী–জনগোষ্ঠী নালাগে আমাক৷ আমি অসমীয়া আৰু অসমৰ হৈ কাম কৰিব লাগে৷” – তেজপুৰত এইদৰে আত্ম সমালোচনা কৰি মন্তব্য কৰে জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে ।

লগতে তেওঁ নিজকে ট্ৰাইবেল বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে- “মই কি কথা কৈছিলোঁ অলপমান ভালকৈ চালে গম পাব৷ মই জাতি–জনগোষ্ঠীৰ বাহিৰত এজন অসমীয়া হ’বলৈ কথা কৈ আছোঁ৷ মই কালি কৈছিলো কোনো গার্গ গোষ্ঠী, কালিতা গোষ্ঠী, শর্মা গোষ্ঠী নালাগে৷ অসমীয়া গোষ্ঠী হওক৷ কথাটো সেইটোৱেই৷ সেইটোক লৈ কিছুমান তৃতীয় পক্ষৰ মানুহ থাকে৷ এতিয়া মই বিজেপি আৰু কাৰ বিৰুদ্ধে লাগি আছো৷ মই জানো, কিছুমান মানুহ থাকিব গণ্ডগোল কৰিবলৈ৷ কেনেকৈ মোক দমাব পাৰি? কিন্তু লাভ নাই৷ আমাৰ আন্দোলন তীব্রতৰ হৈ আছে৷”

ইপিনে কণ্ঠশিল্পীগৰাকীয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে-

কেন্দ্রীয় চৰকাৰ হওক, মোদী চৰকাৰ হওক, অমিত শ্বাহেই হওক, যিয়েই নহওক আমি খাতিৰ নকৰোঁ৷ এতিয়া আমি ‘কা’ৰ বিৰুদ্ধে লাগিব লাগে৷

FeaturedZUBEEN GARGজুবিন গার্গ
Comments (0)
Add Comment