লখিমপুৰৰ লালুকত ইউ বি আই বেংকত চোৰৰ অভিযান!

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ লখিমপুৰৰ ইউ বি আইত লালুকত চুৰি কাণ্ড। তচনচ কৰিলে বেংকৰ ভিতৰচোৱা। বেংকটোৰ পৰিচালকে জানিবলৈ দিয়া মতে প্ৰায় ৰাতি ন মান বজাত চোৰটো সোমাইছিল, কিন্তু চোৰটো কেতিয়া কেনেকৈ সোমাল সেইটোহে স্পষ্ট হোৱা নাই।চোৰটোৱে বেংকটোৰ লকাৰ ভাঙিবলৈ চেষ্টা কৰিছিল যদিও ভাঙিবলৈ সক্ষম নহল। চোৰটোৱে সেই সময়ত মবাইলত কাৰোবাৰ লগত কথাও পাতিছিল, সেই সমগ্ৰ দৃশ্য চিচিটিভি ফুটেজত বন্দী হৈ পৰিছে। সৌভাগ্য ক্ৰমে এক বৃহৎ চুৰি কাণ্ডৰ পৰা ৰক্ষা পৰিল লখিমপুৰৰ লালুকৰ ইউ বি আই বেংকটো। উল্লেখ্য যে ইউ বি আই বেংকটোত কোনো ধৰণৰ নিৰাপত্তা ৰক্ষী নাছিল। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লালুক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Comments (0)
Add Comment