সম্প্রীতিৰ বিনিময় প্রথাত উজলিল বর্ণিল সংস্কৃতি

আজি গোভাৰজাৰ ৰাজদৰবাৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ প্রাক্–ঐতিহাসিক যুগৰ বিৰল বিনিময় প্রথাৰে উজলি উঠিল ঐতিহাসিক জোনবিলৰ পাৰ ৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল আধুনিক মুদ্রাৰ প্রচলন ৷ কাহিলিপুৱাৰ পৰা অনুষ্ঠিত এই ঐতিহাসিক বিনিময় মেলাত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ বিৰল তথা আকর্ষণীয় এই সম্প্রীতিৰ মেলা প্রত্যক্ষ কৰি নেদাৰলেণ্ডৰ পৰা পর্যটকো অভিভূত হৈ পৰে ৷

সাম্প্রতিক আধুনিকতাৰ ধামখুমিয়াত সমাজ ব্যৱস্থাৰ পৰা বিলুপ্ত হ’ব খোজা পাহাৰ–ভৈয়ামৰ বিভিন্ন কৃষিজাত সামগ্রীৰ প্রত্যক্ষ আদান–প্রদান হোৱা বিনিময় প্রথা আজিও বিশ্বৰ বুকুত সগৌৰৱে প্রাচীন গোভাৰজাৰ অধীনত জিলিকি আছে৷ ব্যতিক্রমী এই কার্যসূচীত পাহাৰৰ মামা–মামীসকলে লৈ অনা আধা, হালধি, লাউ, কোমোৰা আদিৰ লগত ভৈয়ামৰ উৎপাদিত জলপান, চিৰা, পিঠা, সান্দহ, মুৰি আদি নানা তৰহৰ শুকান মাছৰ লগত প্রত্যক্ষ বিনিময় কৰা হয় ৷

শুকুৰবাৰে পুৱা এই বিনিময় প্রথা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ মেলালৈ অহা পাহাৰৰ মামা–মামীসকলে ভৈয়ামৰ পৰা সংগ্রহ কৰা এই জা–জলপানৰ মেটমৰা সম্ভাৰ লৈ আজি বিয়লি ওভতনি যাত্রা কৰে ৷ ঐতিহাসিক গোভাৰজাৰ নিয়ম অনুসৰি সংগৃহীত এই ভৈয়ামৰ এই সামগ্রীৰে পাহাৰত উদ্যাপন কৰিব তিৱা বিহু৷ উদুলি–মুদলি হৈ পৰা আৰু ভাতৃত্ববোধৰ মিলনক্ষেত্র হৈ পৰা এই বিনিময় প্রথাৰ পিছতে জোনবিলত অনুষ্ঠিত হয় সমূহীয়া মৎস্য চিকাৰ ৷ সমান্তৰালকৈ মেলাথলীত কুকুৰা যুঁজো অনুষ্ঠিত হয়৷ ইয়াৰ পিছতে মেলাৰ মূল মণ্ডপত জোনবিল মেলা সমিতিৰ সম্পাদক জুৰ সিং বৰদলৈয়ে আঁত ধৰা এক অনুষ্ঠানত জোনবিল শীর্ষক এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয়৷ এই অনুষ্ঠানতে পাহাৰৰ পৰা অহা বিভিন্ন তিৱা নৃত্যশিল্পীয়ে তিৱা–কার্বি আদি লোককৃষ্টি–সংস্কৃতি প্রদর্শন কৰি দর্শকক আমোদ দিয়ে ৷

উল্লেখ্য যে আজি এই জোনবিল মেলাত অনুষ্ঠিত হ’ব গোভাৰজাৰ ৰাজদৰবাৰ ৷ ইয়াত মধ্য অসমৰ ১৮জন তিৱা ৰজাই অংশগ্রহণ কৰিব ৷ আকর্ষণীয় এই ৰাজদৰবাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰিব বুলি মেলা সমিতিয়ে জানিবলৈ দিছে ৷ গোভাৰজা দীপসিং দেওৰজাৰ নেতৃত্বত অনুষ্ঠিত হ’ব লগা এই ৰাজদৰবাৰত মুখ্যমন্ত্রীৰ লগতে মন্ত্রী পীয়ূষ হাজৰিকা, কেইবাগৰাকীও বিশিষ্ট তিৱা লেখক–গৱেষক উপস্থিত থাকিব৷ ইপিনে, জোনবিল মেলা উপলক্ষে কাইলৈ মৰিগাঁও জিলাৰ চৰকাৰী কর্মচাৰীসকলৰ বাবে সীমিত বন্ধ ঘোষণা কৰিছে চৰকাৰে ৷

Featured
Comments (0)
Add Comment