সাম্প্ৰতিক পৰিস্থিতিক লৈ শীঘ্রে প্রধানমন্ত্রী–গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কৰ দলে

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ  এই বৈঠকত আলোচনা হয় ৷

প্রতিবাদকাৰীসকলে যোৱা ৪৮ ঘণ্টাত বিজেপিৰ নেতা–কর্মী আৰু বিধায়কৰ বাসগৃহক লক্ষ্য কৰি লোৱা বিষয়টোৱেও বৈঠকত গুৰুত্বসহকাৰে স্থান লাভ কৰে ৷

ৰাজ্যিক বিজেপিৰ এক সূত্রই প্রকাশ কৰা মতে, নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ যে কোনোধৰণৰ ক্ষতি নহয়, সেই বিষয়ে মুখ্যমন্ত্রী সোণোৱালে প্রতিজন মন্ত্রী–বিধায়ক আৰু দলৰ সদস্যক বিস্তৃতভাৱে অৱগত কৰে ৷ একে সময়তে মুখ্যমন্ত্রী সোণোৱালে মন্ত্রী, সাংসদ আৰু বিধায়কসকলক আইনখনৰ দ্বাৰা ৰাজ্যৰ ভাষা–সংস্কৃতিৰ যে কোনোধৰণৰ ক্ষতি নহয়, সেই কথা সমষ্টিবাসীক বুজাবলৈ পৰামর্শ দিয়ে ৷

আনহাতে, এই বৈঠকতে নাগৰিকত্ব সংশোধনী আইনবিৰোধীসকলে বাংলাদেশৰ পৰা ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী আহিব বুলি চলোৱা প্রচাৰ সন্দর্ভত আলোচনা কৰা হয় ৷ ৰাজ্যবাসীয়ে যাতে এই ধৰণৰ ভুৱা তথ্যৰ দ্বাৰা প্রৰোচিত নহয়, তাৰ বাবে দলৰ কর্মকর্তাসকলক গাঁৱে–ভূঞে সজাগতা সৃষ্টিৰ পৰামর্শ দিয়াৰ লগতে সাংসদসকলক এইক্ষেত্রত বিশেষ ভূমিকা গ্রহণৰ বাবেও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে ৷

বৈঠকত নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই নাগৰিকত্ব সংশোধনী আইনখনৰ বিস্তৃত ব্যাখ্যা কৰে বুলি সূত্রটোৱে জানিবলৈ দিয়ে ৷

ইফালে, এই বৈঠকত বিধায়ক–সাংসদসক নিজ নিজ সমষ্টিৰ উন্নয়নমূলক কামসমূহ আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে ৷ আনকি বৈঠকত উপস্থিত থকা বিধায়কসকলক সমষ্টিৰ বাবে কি ধৰণৰ উন্নয়নমূলক আঁচনি গ্রহণ কৰিছে, সেই বিষয়ে প্রশ্ণ কৰে ৷

মুখ্যমন্ত্রী সোণোৱালে আগন্তুক ইংৰাজী নতুন বর্ষৰ জানুৱাৰী মাহৰ পৰাই সমষ্টিসমূহত উন্নয়নমূলক কাম–কাজ ক্ষিপ্র কৰাৰ বাবেও বিধায়ক, মন্ত্রী আৰু সাংসদসকলক নির্দেশ দিয়ে ৷ লগতে বৈঠকত মুখ্যমন্ত্রী সোণোৱালৰ নেতৃত্বত এটা প্রতিনিধি দলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক শীঘ্রে সাক্ষাৎ কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয় ৷

CM Sarbananda SonowalDR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment