সুধাকণ্ঠৰ ‘বিস্তীৰ্ণ পাৰৰে…’ গাই দৰ্শকক মুহিলে শংকৰ মহাদেৱনে

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ‘বিস্তীৰ্ণ পাৰৰে , অসংখ্যজনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে, বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱা কিয় …’ অসমীয়া জাতিৰ আয়ুস ৰেখা লুইতক লৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সৃষ্টি কৰা এই কালজয়ী গীতেৰে অজস্রজনৰ হৃদয় জিনে বলীউডৰ জনপ্রিয় কণ্ঠশিল্পী আৰু সংগীতকাৰ শংকৰ মহাদেৱনে ৷ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছৰ ৰং–বিৰঙী উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে ভূপেনদাৰ অমৰ সৃষ্টি ‘বিস্তীর্ণ পাৰৰে, অসংখ্যজনৰে’ সাৱলীলভাৱে গাই শংকৰ মহাদেৱনে অসমবাসীৰ হৃয়দত স্থান দখল কৰিবলৈ সক্ষম হয় ৷ পোহৰ আৰু প্রযুক্তিৰ অভিনৱ সংমিশ্রণেৰে আলোকিত হৈ উঠা সৰুসজাইত শংকৰ মহাদেৱনৰ কণ্ঠত প্রাণ পায় উঠা ‘বিস্তীর্ণ পাৰৰে, অসংখ্যজনৰে…’ শুনি আৱেগিক হৈ পৰে ৩০ সহস্রাধিক দর্শক ৷ বলীউডৰ প্রখ্যাত কণ্ঠশিল্পীগৰাকীৰ হৃদয়স্পর্শী উপস্থাপনৰ সমান্তৰালকৈ উচ্চ প্রযুক্তিৰ লেজাৰ লাইটৰ সহায়ত সুধাকণ্ঠৰ গীতৰ আকর্ষণীয় উপস্থাপনেও দর্শকক চমকিত কৰি তোলে ৷ উল্লেখ্য যে সুধাকণ্ঠৰ ‘বিস্তীর্ণ পাৰৰে, অসংখ্যজনৰে’ গীতেৰে অনুষ্ঠান আৰম্ভ কৰি তাৰকা শিল্পী শংকৰ মহাদেৱনে আন কেইবাটাও জনপ্রিয় হিন্দী গীতত কণ্ঠ নিগৰায় ৷ ইফালে, মুম্বাইৰ পৰা আমন্ত্রণ কৰি অনা প্রায় ৪০০ৰো অধিক কলা–কুশলীৰ সৃষ্টিশীলতা আৰু অভিনৱ কাৰিকৰী কৌশলত শুকুৰবাৰে সৰুসজাইত অসমৰ চহকী কলা–সংস্কৃতি আৰু ভাৰতৰ ঐক্য–সংহতি আৰু বৈচিত্র্য মনোমোহা ৰূপত উদ্ভাসিত হয় ৷

Featured
Comments (0)
Add Comment