স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কি কি ক’লে শুনক-

  • ক’ৰোনা সন্দৰ্ভত NHM কাৰ্যালয়ত সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
  • দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 
  • আজি ১৬৫ জন লোকৰ পৰীক্ষাৰ ৰিপৰ্ট আবেলি ৪ বজাত ওলাব
  • দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ ৪,৩৫০ ৰ সংখ্যা পাৰ কৰিছে
  • কিন্তু ৪০ ঘণ্টাত কাছাৰৰ বাদে অসমত কোনো পজিটিভ ঘটনা পোহৰলৈ অহা নাই
  • মহানগৰীৰ আক্ৰান্ত ব্যক্তি মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ১১২ জন লোকক চিনাক্ত কৰা হৈছিল
  • ইতিমধ্যে ৯৮ জনৰ টেষ্ট সংগ্ৰহ কৰা হৈছে
  • বাকী ৰিপৰ্টৰ কাম ১৩ জনৰ বাকী আছে
  • ইয়াৰে ৮৫ জনৰ নিগেটিভ পোৱা গৈছে, ১৩ টা লেবৰেটৰীত পৰীক্ষা চলি আছে
  • তেওঁৰ দেহত ক’ৰ পৰা ভাইৰাছ সংক্ৰমণ ঘটিল তাক লৈ এতিয়াও উৎকণ্ঠা চলি আছে
  • ইপিনে নিজামুদ্দিনৰ ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা ৪ খন তালিকা পোৱা গৈছিল
  • ৪ খন তালিকাত ৮৩১ জনৰ নাম পোৱা গৈছিল
  • য’ত ৫০ জন লোক এতিয়াও তাৰ পৰা ঘূৰি অহা নাই
  • লগতে ১০০ জন লোক নিজামুদ্দিনৰ এই ঘটনাৰ লগত জড়িত নহয়
  • ইফালে প্ৰায় ৬১৭ জনৰ পৰীক্ষা কৰিব পৰা গৈছে
  • ১২৮ জনৰ পৰীক্ষা কৰিবলৈ এতিয়াও বাকী আছে
  • আজি পাছত যিসকল ওলাই নাহে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু হ’ব
  • আজিৰ সময়ত ৰাজ্য চৰকাৰৰ হাতত ৩৯৪১ টা পি পি কিট আছে
  • লগতে ৩৬,৪৮৭ খন এন-৯৫ মাস্ক মজুত আছে
  • ক’ৰোনাৰে যুঁজখনলৈ দেওবাৰে সন্ধিয়া ৰাজ্য চৰকাৰৰ পৰা ২ কোটি ১৫ লাখ টকা মুকলি কৰা হৈছে
  • ৫০ লাখকৈ টকা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ মুকলি কৰা হ’ব
  • উল্লেখ্য যে ১৯ কোটি ৩০ লাখ টকা অসম আৰোগ্য নিধিলৈ ধন এতিয়ালৈকে আহিছে
  • ৮ তাৰিখৰ পৰা সকলো চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি দিয়াৰ কাম আৰম্ভ কৰা হ’ব
  • পেন্সনাৰ সকলেও নিৰ্ধাৰিত সময়তেই ধন পাব
  • লকডাউনৰ পাছত কিমান লোক অসমলৈ ঘূৰি আহিব তাৰ সন্দৰ্ভত সকলো তথ্যৰ বাবে শীঘ্ৰে এটা ৱেবচাইট মুকলি কৰা হ’ব
  • লগতে অসমলৈ আহিব বিচৰাসকলে অনলাইন পঞ্জীয়ন কৰিব পাৰিব
  • আজিৰ তাৰিখত অসমত ৭৫ হাজাৰ লোক হোম কোৱাৰেণ্টাইনত আছে
  • হোম কোৱেৰণ্টাইনত থকা লোকসকলক পৰীক্ষা কৰোৱাৰ পাছত ১০ তাৰিখে ৰিলিজ কৰা হ’ব
  • ব্যক্তিগত খণ্ডৰ স্বাস্থ্যকৰ্মীসকল যদি ক’ৰোনাত আক্ৰান্ত হয় তেন্তে তেওঁলোককো ৫০ লাখ টকাৰ হেল্থ ইঞ্চোৰেন্সৰ ব্যৱস্থা হ’ব

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment