১০ বছৰত ৭৫৫০ শিশুক চিকিৎসাৰ বাবে প্রেৰণ ৰাজ্য চৰকাৰৰ

হূদৰোগী শিশুৰ বিনামূলীয়া অস্ত্রোপচাৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ হূদযন্ত্রৰ ফুটা থকা শিশুসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰি অহা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিগত ১০ বছৰত ৭,৫৫০টি এনে জটিল ৰোগত ভোগা শিশুৰ অস্ত্রোপচাৰ সম্পূর্ণ কৰিলে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জিএমচিএইচ) সহযোগত আৰু নাৰায়ণ হূদয়ালয় হাস্পতালৰ উদ্যোগত যোৱা ১৯ ফেব্রুৱাৰীত কেইবাটি শিশুক বিনামূলীয়াকৈ অস্ত্রোপচাৰৰ বাবে কলকাতালৈ প্রেৰণ কৰাৰ পাছত বুধবাৰে পুনৰ ১০টি শিশুক এই ৰোগৰ চিকিৎসাৰ বাবে প্রেৰণ কৰা হয়৷ উল্লেখ্য যে ২০১০ চনত ৰাজ্য চৰকাৰে গ্রহণ কৰা এই আঁচনিয়ে ১০ বছৰত ভৰি দিলে৷ আর্থিকভাৱে দুর্বল পৰিয়ালৰ শিশুসকলক এনে জটিল ৰোগৰ পৰা পৰিত্রাণ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা আঁচনিখনে ৭,৫৫০টি শিশুক সুস্থ কৰি তোলাৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনন্দ প্রকাশ কৰিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এনে ৰোগৰ পৰা শিশুসকলক সুস্থ কৰি তোলা বাবে মানসিক সন্তুষ্টি লাভ কৰাৰ কথা আজি উল্লেখ কৰে৷ মন কৰিবলগীয়া যে আর্থিকভাৱে দুর্বল কোনো পৰিয়ালৰ কোনো শিশুৰ যদি হূদযন্ত্রৰ ফুটা থকা ধৰা পৰে, তেন্তে জিএমচিএইচত পৰীক্ষাৰ অন্তত ৰাজ্য চৰকাৰৰ সহযোগত বিনামূলীয়াকৈ অস্ত্রোপচাৰৰ বাবে অভিভাৱকৰ সৈতে কলকাতা বা বাংগালুৰুলৈ প্রেৰণ কৰা হয়৷

Comments (0)
Add Comment