১০ বছৰৰ পিছত মুখ্যমন্ত্ৰী হ’ব আজমলঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ শান্তি আৰু প্ৰগতিৰ সমদল

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ বিশ্বনাথৰ কমলাকান্তক্ষেত্ৰত বিজেপিৰ শান্তি আৰু প্ৰগতিৰ সমদল। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসকে ধৰি বিজেপিৰ বহুকেইজন নেতা-কৰ্মী।

অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই কয় যে CAAৰ নামত বহুত অপপ্ৰচাৰ চলিছে। ৫ লাখতকৈ অধিক লোকে নাগৰিকত্ব নাপায়। ৫ লাখৰ এজনো অধিক লোকে নাগৰিকত্ব পায় ৰাজনীতি ত্যাগ কৰিমঅসমৰ মানুহে নিজকে চিনি পোৱা উচিত, নহ’লে ১০ বছৰৰ পিছত মুখ্যমন্ত্ৰী হ’ব আজমল। আমাৰ চৰকাৰৰ দিনত এজনো বিদেশী আহিব নিদিও।

চাহ বাগিচাৰ মাটি লৈ যাব বুলি মিছা প্ৰচাৰ চলাইছে একাংশই কিন্তু চাহ বাগিচাৰ মাটিৰ ওপৰত কেৱল চাহ শ্ৰমিকৰহে অধিকাৰ আছে। কংগ্ৰেছৰ ভুলৰ বাবেই আমি ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছো। অসম চুক্তিক পুনৰ জন্ম দিয়া দলটোৱেই হৈছে বিজেপি।

আছুক মুকলি বিতৰ্কলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। নতুন ৰাজনৈতিক দল গঠনত সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ। প্ৰফুল্ল কুমাৰ মহন্তই নতুন দলৰ নামত অসমৰ ৰাইজক এবাৰ টেঙা আম খুৱালে। নতুন ৰাজনৈতিক দলৰ সৃষ্টি কৰাতকৈ ড০ সমুজ্জ্ৱল কুমাৰ ভট্টাচাৰ্য বিজেপিলৈ আহক আৰু বিজেপিৰ সৈতে মিলি অসমৰ ৰাইজৰ হকে কাম কৰক। তেখেতে লগতে কয় যে মোদীৰ নেতৃত্বত থকা চৰকাৰখনৰ দ্বাৰাহে উন্নয়ন সম্ভৱ। অসমৰ মানুহে এতিয়া আন্দোলন নহয়, শান্তি আৰু বিকাশ বিচাৰে। । আগন্তুক দুমাহৰ ভিতৰত অসমৰ ৰাইজে বহু ভাল খবৰ পাব। কিছু শক্তিয়ে বিজেপি চৰকাৰখনক উন্নয়নৰ পথৰ পৰা বিচলিত কৰিব চেষ্টা কৰিছে কিন্তু বিজেপি চৰকাৰখনক কোনেও বিচলিত কৰিব নোৱাৰে।

বিজেপিৰ শান্তি আৰু প্ৰগতিৰ সমদল
Comments (0)
Add Comment