১০–১৭ ডিচেম্বৰত চিনে ক্লাবৰ আন্তঃৰাষ্ট্রীয় মহোৎসৱ

প্রদর্শিত হ’ব দেশ–বিদেশৰ ২৩খন পূর্ণ দৈর্ঘ্যৰ চলচ্চিত্র

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ অহা ১০ৰ পৰা ১৭ ডিচেম্বৰলৈ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ এই চলচ্চিত্র মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ বহু সমাদৃত চলচ্চিত্রসমূহ বিভিন্ন শিতানত প্রদর্শন কৰি চলচ্চিত্রপ্রেমী দর্শকৰ পৰা বিপুল সমাদৰ লাভ কৰি আহিছে৷ এইবাৰৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱত মুঠ ২৩খন পূর্ণ দৈর্ঘ্যৰ চলচ্চিত্র, বাফটাৰ নির্বাচিত চুটি চলচ্চিত্র প্রদর্শন কৰা হ’ব৷ আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চিনে ক্লাবৰ সভাপতি এ কে আব্বাছ হাজৰিকা আৰু সম্পাদক মাধুৰীমা বৰুৱাই৷ এই মহোৎসৱত কাণ্ড্রি ফ’কাছ ‘টিউনিচিয়া’ আৰু মহান ফৰাচী চলচ্চিত্র নির্মাতা ফ্রেংকছ ট্রুফোৰ ৰেট্রস্পেকটিভ শিতানত তেওঁৰ বিখ্যাত তিনিখন চলচ্চিত্র Ved & Board, Love on the Run আৰুThe Women Next Door প্রদর্শন কৰা হ’ব৷ মহোৎসৱত টিউনিচিয়াৰ পর্টো ফাৰিনা, ইব্রাহিম লটিফ চলচ্চিত্রৰে শুভাৰম্ভ কৰিবলগীয়া উদ্বোধনী অনুষ্ঠানত টিউনিচিয়াৰ ভাৰতস্থ ৰাষ্ট্রদূত মিঃ নেজামেদ্দিন লাখল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র শিতানত খ্রী ব্রাডাৰ, চেক ৰিপাব্লিক, পেইনছ অৱ অ’টম (তুর্কী), বুলবুল (নেপাল), বাংলাদেশ, ছিংগাপুৰ আদিৰ চলচ্চিত্র প্রদর্শন কৰা হ’ব৷ মহোৎসৱত মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জাহুণ বৰুৱাই পৰিচালনা কৰা ‘মেইনে গান্ধী কো নেহী মাৰা’, মহান চলচ্চিত্র পৰিচালক মৃণাল সেনৰ প্রতি সন্মান প্রদর্শন কৰি ‘অন্তৰীণ’ প্রদর্শন কৰা হ’ব৷ তদুপৰি নতুন পৰিচালক দীপংকৰ প্রসাদৰ হিন্দী ভাষাত নির্মিত ‘মুছো’ প্রদর্শন কৰা হ’ব৷ উত্তৰ–পূবৰ চলচ্চিত্র শিতানত পৰিচালক দাৱা নেপচা ধকবো, মণিপুৰৰ নাংফাদক লেপকা অতিথি, পৰিচালক অৰিবাম শ্যাম, অৰুণাচলৰ ‘ইন দ্য লেণ্ড অৱ পয়জন ওমেন’, পৰিচালক মঞ্জু বৰা, পখিলাৰ পাখি পৰিচালক এহছান মজিদ, যি গল্পৰ শেষ নাই পৰিচালকত্রয় প্রদ্যুৎ ডেকা, উৎপল দত্ত আৰু প্রশান্ত শইকীয়াৰ চলচ্চিত্র প্রদর্শন কৰা হ’ব৷ মহোৎসৱৰ অন্তিম চলচ্চিত্র মণিপুৰৰ প্রসিদ্ধ চলচ্চিত্র পৰিচালক অৰিবাম শ্যামৰ শেহতীয়া চলচ্চিত্র নংফাদক লেকপা অতিথি প্রদর্শন কৰা হ’ব আৰু পৰিচালক উপস্থিত থাকিব৷

Featured
Comments (0)
Add Comment