১৫২৯ টা নমুনা পৰীক্ষা কৰা হৈছে অসমত, ১৯৬ টাৰ ফলাফল এতিয়াও অহা নাই

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কি কি উল্লেখ কৰিলে –

ক’ৰোনাত আক্ৰান্ত গুৱাহাটীৰ ৰোগীজনৰ নাম মনিষ তিব্ৰেৱাল ।

দক্ষিণ কামৰূপৰ বামুণীগাঁৱৰ মফিজুদ্দিন নামৰ এজন আক্ৰান্ত ।

বৰ্তমান মফিজুদ্দিন এমএমচি হাস্পতালত আছে । 

মৰিগাঁৱৰ জামিয়া খাতুন নামৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰোনা পজিটিভ ।

লখিমপুৰৰ বাবুল আলীৰ শৰীৰত ক’ৰোনা পজিটিভ ।

দক্ষিণ শালমৰাৰ আছৰফ আলী নামৰ আন এজন লোকৰ শৰীৰতো দেখা পোৱা গৈছে ক’ৰোনা পজিটিভ ।

মনিষ তিব্ৰেৱালৰ সৈতে সংস্পৰ্শলৈ অহা ১১১ গৰাকী লোকক চিনাক্ত ।

যোৱা ১ মাৰ্চ তাৰিখে গুৱাহাটীলৈ উভতি আহিছিল মনিষ ।

নগাঁও জিলাত বহুসংখ্যক লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে ।

আগন্তুক ১৪ দিনলৈকে স্পেনিছ গাৰ্ডেনৰ কোনোলোককে এপাৰ্টমেণ্টৰ বাহিৰলৈ যাবলৈ দিয়া নহ’ব লগতে কোনো লোককে প্ৰৱেশ কৰিবলৈও দিয়া নহ’ব ।

১৫২৯ টা নমুনা পৰীক্ষা কৰা হৈছে অসমত ।

১৩০৮ টা নমুনা নিগেটিভ অহাৰ লগতে বৰ্তমানলৈকে পজিটিভ ২৫ ।

১৯৬ নমুনাৰ ফলাফল অচিৰেই আহিব ।

Featured
Comments (0)
Add Comment