২০২০ চনত ৩৫ দিন চৰকাৰী বন্ধ পাব ৰাজ্যিক কৰ্মচাৰীয়ে

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা ২০২০ চনত মুঠ ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধৰ দিন হিচাপে অনুমোদন জনাইছে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে । মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অহা ২০২০ চনৰ চৰকাৰী বন্ধ আৰু সীমিত বন্ধৰ সূচীৰ অনুমোদন জনায় । চলিত বৰ্ষৰ দৰে ২০২০ চনতো বিভিন্ন উৎসৱ, অনুষ্ঠান, দিৱস আদিৰ মুঠ ৩৫ দিনৰ চৰকাৰী বন্ধৰ দিন হিচাপে চিহ্নিত কৰা হৈছে । সেইদৰে নতুন বছঠৰটোত বিভিন্ন উৎসৱ-অনুষ্ঠান, দিৱস আদিত মুঠ ৩১ দিন সীমিত বন্ধৰ দিন হিচাপে অনুমোদন জনোৱা হৈছে ।

আনহাতে ৰাজ্য চৰকাৰে ছোৱালীৰ বিয়াৰ সময়ত এতোলাকৈ সোণ দিয়াৰক বাবে গ্ৰহণ কৰা ‘অৰুন্ধতী’ আঁচনিতো কেবিনেটে অনুমোদন জনায় । এই সম্পৰ্কত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আঁচনিখনত কিছু কাৰিকৰী সংশোধনী আছে । বুধবাৰে তেওঁ এখন সংবাদমেল যোগে এই বিষয়ে সদৰী কৰিব ।

Featuredsonowal cabinet