২৬ জানুৱাৰীৰ পূৰ্বে অসম ভ্ৰমণ কৰিব সংসদীয় স্থায়ী কমিটীয়ে

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী কমিটী । অকল উদ্বিগ্ন হোৱাই নহয়, সমগ্র বিষয়টোত চৰকাৰৰ ওপৰত কার্যতঃ হস্তক্ষেপ কৰি সংসদীয় স্থায়ী কমিটীখনে অহা ২৭ ডিচেম্বৰৰ ভিতৰত কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ পৰা প্রতিবেদন বিচাৰিছে ৷ কংগ্রেছ সাংসদ আনন্দ শর্মা নেতৃত্বাধীন সংসদীয় স্থায়ী কমিটীখনৰ শুকুৰবাৰে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকৰ পূর্বে কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাক জাননী জাৰিৰে তলব কৰে ৷

সেইমর্মে কেন্দ্রীয় গৃহ সচিবজন সংসদীয় স্থায়ী কমিটীৰ সন্মুখত উপস্থিত হয় ৷ সংসদীয় স্থায়ী কমিটীখনে অসম তথা উত্তৰ–পূর্বাঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দর্ভত চৰকাৰৰ ওচৰত আগতীয়াকৈ তথ্য আছিল নে নাই, সেই বিষয়ে কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ পৰা জানিব বিচাৰে৷ পিছে অতি লক্ষণীয়ভাৱে এনে প্রশ্ণৰ বিপৰীতে কেৱল অসম বা উত্তৰ–পূর্বাঞ্চলেই নহয়, দেশৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত চৰকাৰৰ হাতত আগতীয়া তথ্য নাছিল বুলি জানিবলৈ দিয়ে কেন্দ্রীয় গৃহ সচিবজনে ৷ ইয়াতেই জাঙুৰ খাই উঠা সংসদীয় স্থায়ী কমিটীখনৰ ধমক খাবলগীয়া হয় কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা৷ সংসদীয় স্থায়ী কমিটীখনৰ অন্যতম সদস্য প্রদীপ ভট্টাচার্যই জানিবলৈ দিয়া মতে, তেওঁ নিজেই কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাক ধমক দি কয় যে সম্ভাব্য পৰিস্থিতিৰ ওপৰত যদি আগতীয়াকৈ চৰকাৰ অৱগতই নাছিল তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কখন ইমান খৰখেদাকৈ সংসদত উত্থাপন–গৃহীত কিয় কৰা হ’ল ?

সংসদীয় স্থায়ী কমিটীখনে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে চলিত সপ্তাহতে অসম ভ্রমণৰ ইচ্ছা ব্যক্ত কৰে ৷ কিন্তু কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই পৰৱর্তী অর্থাৎ জানুৱাৰী মাহতহে সংসদীয় স্থায়ী কমিটীখনক অসম ভ্রমণসূচী নির্ধাৰণ কৰিবলৈ অনুৰোধ জনায়৷ প্রদীপ ভট্টাচার্যই জানিবলৈ দিয়া অনুসৰি, এই অনুৰোধৰ প্রতি লক্ষ্য ৰাখি অহা ২৬ জানুৱাৰীৰ পূর্বে সংসদীয় স্থায়ী কমিটীখনে অসম ভ্রমণ কৰাৰ কথা স্পষ্ট কৰি দি এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা কৰিবলৈ কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাক নির্দেশ দিয়ে৷ তদুপৰি কোনবোৰ কাৰণৰ বাবে অসমত শেহতীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল, ইয়াৰ আঁৰত কোন জড়িত আদি সকলো কাৰণ উল্লেখ কৰি অহা ২৭ ডিচেম্বৰৰ ভিতৰত বিশদ প্রতিবেদন দাখিল কৰাৰ বাবেও নির্দেশ দিয়ে কেন্দ্রীয় গৃহ সচিবজনক৷ অন্যতম সদস্য প্রদীপ ভট্টাচার্যই সদৰী কৰা অনুসৰি অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ প্রসংগত সংসদীয় স্থায়ী কমিটীখনৰ আগত এক তাৎপর্যপূর্ণ মন্তব্য কৰে কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই৷ অসমৰ চূড়ান্ত এন আৰ চিত নাম অন্তর্ভুক্ত নোহোৱাসকলৰ কি হ’ব, সেই বিষয়ে সংসদীয় স্থায়ী কমিটীখনে জানিব বিচাৰিছিল৷ ইয়াৰ উত্তৰত কেন্দ্রীয় গৃহ সচিবজনে অসমত চূড়ান্ত এন আৰ চি এতিয়াও হোৱা নাই বুলি উল্লেখ কৰে৷ উল্লেখ্য যে অহা ২৭ ডিচেম্বৰত সংসদীয় স্থায়ী কমিটীখনৰ পৰৱর্তী বৈঠকৰ দিন নির্ধাৰণ কৰা হৈছে ৷

Comments (0)
Add Comment