৬ নং দফা ৰূপায়ণ সম্পর্কীয় উচ্চ পর্যায়ৰ কমিটীৰে বৈঠক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ ৰাজ্যৰ জটিল পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম চুক্তিৰ ৬নং দফা সম্পর্কীয় উচ্চ পর্যায়ৰ কমিটীৰে এক গুৰুত্বপূর্ণ বৈঠকত বহে ৷

উচ্চ পর্যায়ৰ কমিটীৰ অধ্যক্ষ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত যোৱা সদস্যসকলে মুখ্যমন্ত্রীক ৬নং দফাৰ বাবে প্রস্তুত কৰি থকা প্রতিবেদন সম্পর্কে সবিশেষ ব্যাখ্যা কৰে ৷

আনহাতে, অহা এমাহৰ ভিতৰত কমিটীখনে ৬নং দফা ৰূপায়ণৰ সন্দর্ভত প্রতিবেদন দাখিল কৰিব বুলিও স্পষ্ট কৰে ৷

লক্ষণীয়ভাৱে আজিৰ বৈঠকত উচ্চ পর্যায়ৰ কমিটীৰ অন্যতম সদস্য আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত নাথাকিল৷

Featured
Comments (0)
Add Comment