৭০–৮০ লাখ মুছলমানক উচ্ছেদৰ ষড়যন্ত্র কৰিছে বিজেপিয়ে

বদৰপুৰত আজমলৰ ভয়ংকৰ প্রৰোচনামূলক মন্তব্য

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ‘কা’বিৰোধী আন্দোলনৰ মাজতে ভয়ংকৰ প্রৰোচনামূলক মন্তব্যৰে পৰিৱেশ অস্থিৰ কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল ৷ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰ দুখনে অসমৰ পৰা ৭০–৮০ লাখ মুছলমান খেদাৰ পৰিকল্পনা কৰা বুলি আজমলে ৰাজহুৱাভাৱে উত্থাপন কৰা অভিযোগে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত দেওবাৰে এখন ধর্মীয় সভা ‘খতমে বুখাৰি’ত ভাষণ প্রদান কৰি আজমলে কয় যে গুৱাহাটীৰ লগতে নগাঁও, ডিব্রুগড়, শিৱসাগৰ জিলাৰ পৰা মুছলমান লোকসকলক খেদি, সেই ভূমি অধিকাৰ কৰাৰ ষড়যন্ত্র চলিছে ৷ এই জিলাকেইখনত থকা হাজাৰ হাজাৰ বিঘা ভূমি সমবায় সমিতি গঠনেৰে হস্তান্তৰ কৰি মুছলমানসকলক ভূমিহীন কৰা হ’ব৷ মন কৰিবলগীয়া যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) আৰু ‘কা’ক কেন্দ্র কৰি এ আই ইউ ডি এফৰ লগতে আজমল নেতৃত্বাধীন ৰাজ্যিক জমিয়ত উলেমায়ো মুছলমান সমাজৰ মাজত বিভিন্ন অপপ্রচাৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈ আছে ৷ সেয়াই নহয়, ৰাজ্য চৰকাৰে নতুনকৈ প্রস্তুত কৰা ভূমি নীতিক লৈও অসন্তুষ্টি প্রকাশ কৰি আহিছে আজমলে ৷ ইয়াৰ মাজতে এইবাৰ ধর্মীয় সভাখনত মুকলিকৈ প্রৰোচনামূলক মন্তব্যৰে সাধাৰণ লোকৰ মাজত ভয়–শংকা বিয়পোৱাৰ চেষ্টা চলালে ৷

ডিব্রুগড়–শিৱসাগৰ নগাঁও–গুৱাহাটীৰ পৰা খেদিব মুছলমানক
হাজাৰ হাজাৰ বিঘা ভূমি এনজি’ক হস্তান্তৰৰ পৰিকল্পনা

আজমলৰ স্পষ্ট মন্তব্য– এতিয়ালৈকে সংসদ তথা বিধানসভাই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰা নাই ৷ কিন্তু তাৰ পাছতো মুছলমানসকলক ভূমিহীন কৰাৰ চেষ্টা চলোৱা হৈছে ৷ ভূমি দখল কৰাৰ লক্ষ্যৰে চৰ অঞ্চলৰ মুছলমানসকলৰ হাজাৰ হাজাৰ বিঘা ভূমি এন জি অ’লৈ হস্তান্তৰ কৰি সমবায় সমিতি গঠন কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে চৰকাৰখনে৷ যোৱা ৫০–৬০ বছৰ ধৰি খেতি কৰি থকা মুছলমানসকলক ভূমিহীন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ ইফালে, ‘কা’ সন্দর্ভত এ আই ইউ ডি এফৰ মুৰব্বীজনৰ মন্তব্য– যোৱা ১০০ বছৰত এনেধৰণৰ ‘জালিম’ আইন হোৱা কোনেও দেখা নাই ৷ পূর্বে এনেধৰণৰ জালিম কৰাসকল আছিল, সকলো শেষ হৈছে, গতিকে এই চৰকাৰ–শাসনো শেষ হ’ব৷ আজমলৰ এনে প্রৰোচনামূলক মন্তব্যক লৈ সৃষ্টি হোৱা বিতর্কৰ মাজতে বিজেপি নেতা মমিনুল আৱালে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৷

মমিনুল আৱালে সোমবাৰে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয় যে অসমক ইছলামিক ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এটা শক্তি উঠিপৰি লাগিছে ৷ শক্তিটোৱে কেতিয়াবা বদৰুদ্দিন আজমলৰ, কেতিয়াবা শ্বেৰমান আলীৰ, আব্দুল খালেকৰ, কেতিয়াবা বুদ্ধিজীৱীৰ ৰূপ লয় ৷ আজমল বহুৰূপী, কেতিয়াবা ডুবাইত, কেতিয়াবা প্রব্রজনকাৰীৰ লগত, আতৰৰ ব্যৱসায়ী ৰূপে থাকে ৷ চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ ওলোৱাত পানী শুকোৱা পুখুৰীত চেঙেলীয়ে জঁপিওৱাৰ দৰে জঁপিয়াইছে আজমলে ৷

Featured
Comments (0)
Add Comment