৯০ শতাংশ ধন ব্যয়ৰ পাছতো নোলাল পানী

চন্দ্রপুৰ–ডিমৰীয়াৰ ২৬৮ কোটিটকীয়া প্রকল্প

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পানী যোগান আঁচনিৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কার্য উদঙাই দিছে অসমীয়া যুৱ মঞ্চই৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত যুৱ মঞ্চই পানী যোগান আঁচনি নির্মাণৰ নামত ৰাজকোষৰ ধনৰ অপব্যৱহাৰৰ তথ্য পোহৰলৈ আনিছে৷ দিছপুৰ সমষ্টিৰ অন্তর্গত চন্দ্রপুৰ–ডিমৰীয়াৰ্ পানী যোগান আঁচনিত সংঘটিত দুর্নীতিৰ তথ্য দাঙি ধৰি যুৱ মঞ্চৰ সচিবপ্রধান জিতুল ডেকাই কয়– ‘চন্দ্রপুৰৰ তাঁতীমাৰা আৰু ডিমৰীয়াৰ গুমৰীয়াত ২০১৫ চনত বিশ্ববেংকৰ সাহায্যপ্রাপ্ত নীৰ নির্মল পৰিযোজনাৰ অধীনত পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল৷ আঁচনিৰ বাবে ২৬৮ কোটি টকা অনুমোদন দিয়া হৈছিল৷ এই ধনৰ ৯০ শতাংশ ব্যয় কৰাৰ পাছতো পানী যোগান আঁচনিৰ পৰা পানী নোলাল৷ চন্দ্রপুৰ–ডিমৰীয়াৰ্ ১৯০খন গাঁৱৰ ৰাইজক পানী যোগান ধৰিবলৈ সক্ষম নহ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগ৷’ ইপিনে, এই আঁচনিৰ অধীনত পানী যোগান ধৰিবলৈ অঞ্চলটোৰ প্রতিটো পৰিয়ালৰ পৰা বিভাগে ৩০০–৪০০ টকা সংগ্রহ কৰিছিল বুলি সংবাদ মেলত যুৱ মঞ্চই অভিযোগ কৰে৷ এই প্রসংগত ডেকাই কয় যে ডিমৰীয়াৰ ১৫ হাজাৰ পৰিয়ালৰ পৰা বিভাগে ৪০০ টকাকৈ সংগ্রহ কৰিছিল৷ কিন্তু আজিলৈ পৰিয়ালসমূহক পানী যোগান ধৰিব নোৱাৰিলে৷ বিগত ৮ মার্চত জনস্বাস্থ্য কৰিকৰী মন্ত্রী ৰিহণ দৈমাৰীয়ে চন্দ্রপুৰ পানী যোগান আঁচনিখন আংশিকভাৱে উদ্বোধন কৰিছিল৷ দাঁতি–কাষৰীয়া দুই–এখন গাঁৱত সামান্য পৰিমাণে পানী যোগান ধৰা হৈছে যদিও সেয়া খাবলৈ বাধা দিছে বিভাগে৷ সেয়েহে এই আঁচনিখনৰ নামত সংঘটিত কেলেংকাৰিৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰি তেওঁ কয়– ‘২৬৮ কোটি টকীয়া চন্দ্রপুৰ–ডিমৰীয়া পানী যোগান আঁচনিৰ সিংহভাগ ধন আত্মসাৎ কৰা হৈছে৷ চৰকাৰে আঁচনিখনত ব্যয় কৰা প্রতিটো পইচাৰ হিচাপ দিব লাগিব৷ দুর্নীতিকাৰী মন্ত্রী–আই এ এছ বিষয়া কোনো সাৰি যাব নোৱাৰিব৷ চৰকাৰে শীঘ্রে দুর্নীতিত জড়িতক গ্রেপ্তাৰৰ ব্যৱস্থা কৰক৷ অন্যথা আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ’ম৷ ৰাইজক বিশুদ্ধ পানী যোগানৰ নামত অসমৰ বাহিৰে কোনো ৰাজ্যতে হয়তো ইমান বৃহৎ কেলেংকাৰি সংঘটিত হোৱা নাই৷’ একে সময়তে অসমীয়া যুৱ মঞ্চই অসম বিধানসভা অধিৱেশন চলি থকা সময়তে সর্বদলীয় প্রতিনিধিৰ দলক পানী যোগান আঁচনিখন পৰিদর্শন কৰিবলৈ আহ্বান জনায়৷ ডেকাৰ মতে, প্রতিনিধিৰ দলে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰিলেই সংঘটিত অনিয়ম অধিক স্পষ্ট হৈ পৰিব ৷

Featured