অখিল গগৈৰ বিৰুদ্ধে এন আই এৰ গোচৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলনত নামি পৰা অখিল গগৈৰ বিৰুদ্ধে এন আই এয়ে গোচৰ ৰুজু কৰিছে ৷

যোৱা ১০ ডিচেম্বৰত ডিব্রুগড়ত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্রবিৰোধী কার্যত উচটনি দিয়াৰ অভিযোগত এন আই এয়ে এই গোচৰ ৰুজু কৰিছে ৷

উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰত কৃষক নেতাজনক যোৰহাটৰ আৰক্ষীয়ে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ পিছতে গ্রেপ্তাৰ কৰিছিল ৷  যোৰহাট আৰক্ষীৰ জিম্মাত থকা অখিল গগৈক অচিৰে ‘নিয়া’ই জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷

আৰক্ষীৰ শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি যোৰহাট আৰক্ষীৰ জিম্মাৰ পৰা ‘নিয়া’ৰ জিম্মালৈ অনাৰ পিছত অখিল গগৈক ‘নিয়া’ৰ আদালতত হাজিৰ কৰোৱা হ’ব ৷ ইয়াৰ পিছত কৃষক নেতাজনক দিল্লীলৈ জেৰাৰ বাবে নিয়াৰো সম্ভাৱনা আছে ৷

Featuredঅখিল গগৈ
Comments (0)
Add Comment