অগপৰ চাৰিজন নেতাৰ ভূমিকা দুর্ভাগ্যজনকঃ প্রফুল্ল কুমাৰ মহন্ত

জাতীয় শ্বহীদ ঈশ্বৰ নায়কৰ গৃহত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ শ্বহীদ ঈশ্বৰ নায়কৰ বাসগৃহত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত শুকুৰবাৰে উপস্থিত হয় ৷ তেওঁ ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাৰ যুৱক ঈশ্বৰ নায়কৰ বাসগৃহত উপস্থিত হৈ শ্বহীদগৰাকীৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনোৱাৰ উপৰি পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ মহন্তই টংলাত সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্রীয় চৰকাৰে অসমত জাতিধ্বংসী বিল তথা ‘কা’ জাপি দি অসম–সমীয়াৰ অস্তিত্বত আঘাত কৰাৰ পক্ষত থকা অসম চৰকাৰৰ লগতে অগপৰ তিনি–চাৰিগৰাকীমান বিষয়ববীয়াৰ ভূমিকা অতি দুর্ভাগ্যজনক ৷

চৰকাৰখনে জনসাধাৰণৰ ওপৰত প্রতিশোধপৰায়ণ নহৈ বিষয়টো বোধগম্য কৰিব লাগিছিল বুলি মহন্তই উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয় যে অগপ সম্পূর্ণৰূপে ‘কা’বিৰোধী আৰু সেই স্থিতিত অটল ৷ দলৰ ৩–৪জনমান লোকে কৰা ভুলৰ বাবে দলৰ বাকী নেতা–কর্মীসকল কেতিয়াও দোষী হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷ অগপ দলৰ জ্যেষ্ঠ নেতা তথা দলৰ একমাত্র ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই ‘কেব’ৰ বিৰোধ কৰিও কি কাৰণত সমর্থনত ভোটদান কৰিলে, সেয়া ৰহস্য হৈ থাকিল ৷ এনে ঘটনা অতি দুর্ভাগ্যজনক আৰু লজ্জাজনক বুলি মহন্তই উল্লেখ কৰে ৷ কাৰো মৃত্যু বা ত্যাগক টকাৰে জুখিব নালাগে বুলি উল্লেখ কৰি প্রাক্তন মুখ্যমন্ত্রী মহন্তই কয়– ‘কা’ৰ বিনিময়ত অসম চুক্তিৰ ৬নং দফা কার্যকৰী হ’ব নোৱাৰে ৷ ইফালে, অগপ ওদালগুৰি জিলা সমিতিয়ে ‘কা’ৰ তীব্র বিৰোধ কৰাৰ লগতে নেতৃত্বৰ পৰিৱর্তন হ’ব লাগে বুলিও স্পষ্ট কৰি দিয়ে ৷

Comments (0)
Add Comment