অতুল বৰাৰ সমষ্টিত প্রতিবাদৰ দাৱানল

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বোকাখাতত শনিবাৰে ৰাজপথলৈ ওলাই আহিল দল–সংগঠন তথা সাধাৰণ জনতা ৷ বোকাখাত মহকুমা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ১০ ঘণ্টীয়া অনশন, বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলৰ পৃথক সত্যাগ্রহ কার্যসূচী, পুৱতি সাহিত্য সভা আৰু সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সুৰ বাহিনীয়ে নিনাদিত কৰিলে বোকাখাত ৷ পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ অনশন কার্যসূচীত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ভাগ লয় ৷

ইফালে, অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলীপ শইকীয়াই কার্যসূচীত অংশগ্রহণ কৰি কয়– ‘নাগৰিকত্ব আইন (সংশোধিত)–২০১৯’ৰ সমর্থনৰ ঘোষণা সভাপতি অতুল বৰাৰ ব্যক্তিগত ঘোষণা ৷ অসম আন্দোলনৰ ফলত জন্মগ্রহণ কৰা নিষ্ঠাৱান কোনো অসমীয়াই ৰাজনীতিত থাকিলে বুলিয়েই এই জাতিধবংসী আইন গ্রহণ কৰিব নোৱাৰে ৷ অসম গণ পৰিষদৰ মজিয়াত এনে কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই ৷’ অনুষ্ঠানত অংশগ্রহণ কৰি চন্দ্রনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিদ্যুৎ বৰুৱাই কয়– ‘এই সংগ্রাম নিশ্চিতভাৱেই দীঘলীয়া হ’ব ৷ বিদেশৰ মাটিতো শেহতীয়াকৈ এই অগণতান্ত্রিক আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈছে ৷ এই আইনৰ বাবেই কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা বিবৃতি দিব লগা নির্লজ্জ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ই আচলতে এক সাংবিধানিক সংকটকেই নির্দেশ কৰিছে ৷ আমি প্রতিনিয়ত সজাগ হৈ থাকি গণতান্ত্রিকভাৱেই এই আন্দোলনৰ বিৰুদ্ধে যুঁজি যাব লাগিব ৷ ’

অনশনত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, সন্মিলিত শিক্ষক মঞ্চৰ সভাপতি জীৱন চন্দ্র বৰা, অসম বিধানসভাৰ প্রাক্তন ডপাধ্যক্ষ তথা অগপ দলৰ অন্যতম জন্মদাতা বলভদ্র তামুলীকে ধৰি ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনত প্রত্যক্ষভাৱে জডিত ২ শতাধিক লোকে অংশগ্রহণ কৰে ৷ প্রতিবাদথলীত ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰ, মন্ত্রী অতুল বৰাকো ক্ষুৰধাৰ সমালোচনা কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে মহকুমা ছাত্র সন্থাৰ সম্পাদক গীতার্থ শইকীয়াই ৷ প্রতিবাদত অংশগ্রহণকাৰীসকল কেন্দ্রীয় চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে পদ্ধতিগতভাৱে সংগ্রামখন চলাই যোৱাৰ পোষকতা কৰে ৷

ইফালে, গড়কাপ্টানী পৰিদর্শন ভৱনৰ সন্মুখত জ্যেষ্ঠ নাগৰিকসকলৰ গণ সত্যাগ্রহত অংশগ্রহণ কৰে শতাধিক লোকে ৷ ইয়াতো জ্যেষ্ঠ নাগৰিকসকলে ভৱিষ্যৎ প্রজন্মৰ বাবে এখন সুৰক্ষিত অসম এৰি থৈ যোৱাৰ বিনিময়ত প্রয়োজনত বুকুৰ তেজ দিবলৈও অংগীকাৰ কৰে ৷ আনহাতে, পুৱতি সাহিত্য সভাৰ উদ্যোগত, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সহযোগত এখন খোলা ড্রাকত এক সজাগতা বাহিনীয়ে গীত, কবিতা, বক্তৃতাত বোকাখাত নগৰৰ লগতে বোকাখাতৰ গ্রামাঞ্চলত সজাগতা সৃষ্টি কৰে ৷ ইফালে, অসমৰ বিভিন্ন স্থানৰ লগতে সংবাদ মাধ্যমৰ ওপৰত চলোৱা ধাৰাবাহিক আক্রমণৰ ঘটনাক গৰিহণা দিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই ৷ ইফালে শুকুৰবাৰে গোলাঘাট জিলা সাংবাদিক সন্থাৰ কার্যালয়ত হোৱা গুলীৰ আক্রমণৰ ঘটনাকো গৰিহণা দিয়ে সাংবাদিক সংগঠনটোৱে ৷ এই শান্তিপূর্ণ প্রতিবাদৰ সময়খিনিত ক’তো কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ অহা নাই ৷ পুৱাৰ পৰাই বোকাখাতত যান–বাহন চলাচলৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলা থাকে যদিও দুই বজাৰ পৰা স্বতঃস্ফূর্তভাৱে পুনৰ বন্ধ হৈ পৰে ৷

Featured
Comments (0)
Add Comment