অনাগত দিনত দৈজিং মহোৎসৱে লাভ কৰিব বিশেষ মাত্রা : ৰিণিকি ভূঞা শর্মা

মিষ্টাৰ এণ্ড মিছ দৈজিং ফেশ্বন শ্ব’ৰ অতিথি বিচাৰকৰ আসনত ৰিণিকি ভূঞা শর্মা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিৰাং জিলাৰ আই নদীৰ বালিচৰত চতুর্থ দৈজিং মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ফেশ্বন শ্ব’ ‘মিষ্টাৰ এণ্ড মিছ দৈজিং ২০১৯–২০’ৰ যোৱানিশা সামৰণি পৰে ৷ সন্ধিয়া অনুষ্ঠিত মিষ্টাৰ এণ্ড মিছ দৈজিং ২০১৯–২০ অনুষ্ঠানত অতিথি বিচাৰক হিচাপে উপস্থিত থকা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাঃ লিঃৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই উদযাপন সমিতিৰ সম্বর্ধনা গ্রহণ কৰি দিয়া চমু ভাষণত তেওঁ পোন প্রথমবাৰৰ বাবে দৈজিং মহোৎসৱস্থলীত উপস্থিত হৈ অভিভূত হৈ পৰা বুলি মন্তব্য কৰে ৷ ফেশ্বন শ্ব’ৰ বিশেষ আকর্ষণ লিটল মাষ্টাৰ আৰু লিটল মিছ দৈজিঙৰ কণমানি প্রতিযোগীসকলৰ লগতে সুন্দৰ সুন্দৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্রতিযোগিতাত অংশগ্রহণ কৰা যুৱক–যুৱতীসকলক দেখি তেওঁ আপ্লুত হৈ পৰে ৷

দৈজিং মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশ প্রত্যক্ষ কৰি অনাগত দিনত এই মহোৎসৱে এক বিশেষ মাত্রা লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে ৷ লগতে ফেশ্বন শ্ব’ত অংশগ্রহণ কৰা এই অঞ্চলৰ যুৱক–যুৱতীসকলে নিজৰ প্রতিভা, পৰম্পৰাগত ঐতিহ্য আৰু সংস্কৃতিক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ তেওঁ দৈজিং মহোৎসৱ উদযাপন সমিতিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত এই মহোৎসৱে সফলতা লাভ কৰাৰ বাবে কামনা কৰে ৷ ইফালে মিষ্টাৰ দৈজিং শাখাত আশিস গজমেৰে খিতাপ দখল কৰাৰ বিপৰীতে ইন্দ্রজিৎ ব্রহ্মই প্রথম ৰানার্ছ আপ, দীপক নাথ ৰামে দ্বিতীয় ৰানার্ছ আপৰ খিতাপ দখল কৰে ৷

মিছ দৈজিং শাখাত সৃষ্টি কাটৱাল শ্রেষ্ঠ হোৱাৰ বিপৰীতে কৰেণা বসুমতাৰী প্রথম ৰানার্ছ আপ আৰু পৰিশা দৈমাৰীয়ে দ্বিতীয় ৰানার্ছ আপ খিতাপ লাভ কৰে৷ আনহাতে লিটল মিছ শাখাত নন্দিতা বসুমতাৰীয়ে শ্রেষ্ঠত্বৰ খিতাপ অর্জন কৰাৰ বিপৰীতে অৰলেনা মুছাহাৰী প্রথম ৰানার্ছ আপ আৰু লাইমৌন ব্রহ্মই দ্বিতীয় ৰানার্ছ আপৰ খিতাপ অর্জন কৰে ৷ লিটল মিষ্টাৰ দৈজিং শাখাত অংগৌ বৰগয়াৰী শ্রেষ্ঠত্বৰ সন্মান লাভ কৰাৰ বিপৰীতে কনচাই ব্রহ্মই প্রথম ৰানার্ছ আপ আৰু ৰাজা ৰাজভৰে দ্বিতীয় ৰানার্ছ আপৰ খিতাপ অর্জন কৰে ৷

Featured
Comments (0)
Add Comment