অন্তিম দুটা দিনত উত্থাপন হ’ব ‘কেব’

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ এতিয়াই সংসদৰ মজিয়াত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত বিধেয়কখন সংসদত উত্থাপন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা জানিবলৈ দিয়ে । সেই অনুসৰি ৩০ নৱেম্বৰত অৰ্থাৎ শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । ইপিনে কেব বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীত অনুমোদন লাভ কৰিব চৰ্চাত আছিল যদিও কেবিনেট বৈঠকত বিষয়টোৱে স্থান লাভ নকৰিলে । মন কৰিবলগীয়া যে , ১৩ ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশন সমাপ্ত হ’ব । সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ১১ অথবা ১২ ডিচেম্বৰত গৃহমন্ত্ৰীজনে বিধেয়কখন উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব । লক্ষণীয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতেই ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । অৱশ্যে এই সাক্ষাতৰ বিষয় আৰু কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই ।

Featured