নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ অসমৰ নৈ, বিল, খাল আদিত সততে পোৱা এটা চেং মাছৰ মূল্য কিমান আপুনি জানেনে? বর্ত্তমান এটা চেং মাছৰ মূল্য ২০ হাজাৰ টকা৷ গঁড়ৰ খর্গ, বন্যপ্রাণীৰ অংগ–পতংগ চোৰাং ব্যৱসায়ৰ পাছত ৰাজ্যত প্রথমবাৰলৈ আন এক ভয়ংকৰ কলা বজাৰৰ তথ্য পোহৰলৈ আহিছে৷ এক বিশেষ প্রজাতিৰ মাছৰ চোৰাং ৰমৰমীয়া ব্যৱসায় ফাদিল কৰিছে কাজিৰঙাৰ বনবিভাগে৷ আপুনি শুনিলে আচৰিত হ’ব যে অসমৰ থলুৱা প্রজাতিৰ এহ ‘চেং মাছ’ প্রতিটোৰ মূল্য বর্তমানৰ চোৰাং বজাৰত ২০ হাজাৰ টকা৷ এই চেং মাছৰ চোৰাং ব্যৱসায় প্রথমে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত সীমাবদ্ধ আছিল যদিও বর্তমান ই সমগ্র অসমলৈ সম্প্রসাৰিত হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই এক গোপন সূত্রৰ পম খেদি জখলাবন্ধাৰ পৰা মাৰৱ আলী নামৰ দুস্কৃতিকাৰীক আটক৷ কৰাৰ পাছতেই চেং মাছৰ চোৰাং ব্যৱসায়ৰ তথ্য পোহৰলৈ আহে৷ ধৃত মাৰৱ আলীৰ পৰা বনবিভাগে ১১টাকৈ চেং মাছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ ধৃত লোকজনে বোকাখাতৰ কলা বজাৰত এই চেং মাছখিনি ক্রয় কৰি চোৰাং বজাৰত বিক্রী কৰিবলৈ নিছিল বুলি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ডিএফঅ’ ৰমেশ কুমাৰ গগৈয়ে নিয়মীয়া বার্তাক জানিবলৈ দিয়ে৷ একাংশ লোকে ঘৰৰ মংগলৰ বাবে ফেং চুইৰ দৰে এই চেং মাছক একুৰিওয়াম ৰাখিবলৈ ধৰিছে৷ কেৱল অন্ধবিশ্বাসৰ বাবেহ এই চেং মাছৰ চাহিদা কলা বজাৰত বৃদ্ধি পাইছে বুলি ডিএফঅ’ গগৈয়ে জানিবলৈ দিয়ে৷ এই চোৰাং ব্যৱসায়ৰ বাবেই বর্তমান এই চেং মাছ বিলুপ্তিৰ পথত৷ ইতিমধ্যে ধৃত লোকজনৰ বিৰুদ্ধে বনবিভাগে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷