অশান্ত অসমঃ ৰঞ্জি মেচ বাতিল

পইণ্ট ভগালে অসম–ছার্ভিচেছে, অনুষ্ঠিত নহ’ল আইএছএলৰো মেচ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ কেবক লৈ বিগত দিন ধৰি কেইবাটাও সংগঠনৰ প্রতিবাদত অস্থিৰ হৈ পৰিছে সমগ্র ৰাজ্যৰ লগতে ৰাজধানী চহৰখনো ৷ যাৰ ফলত প্রশাসনে সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

প্রতিবাদকাৰীসকলৰ্ উত্তাল প্রতিবাদৰ লগতে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পৰিপ্রেক্ষিতত গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ঘৰুৱা অসম আৰু ছার্ভিচেছৰ মাজত চলি থকা ৰঞ্জি ট্রফীৰ মেচখন বৃহস্পতিবাৰে চতুর্থ দিনৰ খেল বাতিল হয় ৷ ফলত মেচখন ড্রৰে পৰিসমাপ্তি ঘটে ৷

ৰঞ্জি মেচখনৰ সমান্তৰালভাৱে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নর্থ–ইষ্ট ইউনাইটেড এফ চি আৰু চেন্নাইনৰ মাজত বৃহস্পতিবাৰে হ’বলগীয়া আই এছ এলৰ মেচখনো বাতিল হয় ৷ ফুটবল অনুৰাগী খেলুৱৈ আৰু লীগ ষ্টাফৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখিয়েই আই এছ এলৰ মেচখন বাতিল কৰাৰ সিদ্ধান্ত লয় বুলি আই এছ এলৰ সূত্রটোত লগতে সদৰী কৰে ৷

Comments (0)
Add Comment