অসমঃ ক’ৰোনা আক্ৰান্ত ৰোগীৰ বাবে যোগ থেৰাপি

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোনা আক্ৰান্ত ৰোগী সকল যাতে সোনকালে সুস্থ আৰু সবল হৈ উঠে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰে পৰা ৰাজ্যখনৰ বিভিন্ন ক’ৰোনা চিকিৎসালয়ত ভৰ্তি হৈ থকা ক’ৰোনা সংক্ৰমিত ৰোগীক স্বাস্থ্য বিভাগে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নতুন কৈ আৰম্ভ কৰিছে যোগ থেৰাপি। যাতে ৰোগী সকলৰ মানসিক ভাৱে সুস্থ হৈ থাকে।
অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত বিশেষজ্ঞৰ দ্বাৰা যোগ থেৰাপি দি থকাৰ কেইখন মান আলোকচিত্ৰ টুইট যোগে প্ৰকাশ কৰিছে।

 

Comments (0)
Add Comment