অসমকে ধৰি ১৪ ৰাজ্যলৈ ১৭ হাজাৰ কোটি টকা কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ সমগ্ৰ দেশ ক’ভিড- ১৯ মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন ৰাজ্যলৈ ১৭ হাজাৰ কোটি টকা মুকলি কৰি দিছে । ক’ৰোনা মহামাৰীৰ সংকটকালত বিভিন্ন ৰাজ্যৰ বিত্তীয় সম্পদ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই ধনখিনি মুকলি কৰি দিয়ে । এই ধনৰাশিৰ লগত পঞ্চদশ বিত্তীয় নিগমৰ ৬,১৯৫.০৮ কোটি টকা ৰাজহ ঘাটি অনুদানৰ ধনো অন্তৰ্ভুক্ত হৈ আছে । বাকী ১১,০৯২ কোটি টকাই মোকলাই দিয়া হৈছে ৰাজ্যিক দুৰ্যোগ সম্ভাৱনীয়তা ব্যৱস্থাপনা পুঁজিৰ পৰা । এই ৰাজ্যসমূহৰ ভিতৰত আছে অসম, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু পশ্চিমবংগ । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে এই কথা ঘোষণা কৰে ।

Featured
Comments (0)
Add Comment