অসমত নতুনকৈ হ’ব লগা NRCৰ বিৰোধিতা কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ বুধবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতেই সৃষ্টি হৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া । ভিন্ন দল-সংগঠনে এই নতুন প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ লগতে কংগ্ৰেছ সম্পূৰ্ণ বিৰোধিতা কৰিছে অসমত পুনৰ এন আৰ চিৰ প্ৰক্ৰিয়া । গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ প্ৰসংগ উল্লেখ কৰি সংসদত উত্থাপন কৰে যে এইবাৰ সমগ্ৰ দেশতে এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে অসমতো আৰম্ভ হ’ব পুনৰ এন আৰ চি প্ৰক্ৰিয়া । ইয়াৰ পাচতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই অসমত আৰম্ভ হ’ব লগা নতুন প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰে । অসমত সুদীৰ্ঘ ১৪ বছৰৰ অন্তত ১৬০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হৈ উঠা এন আৰ চিক নস্যাৎ কৰি নতুনকৈ প্ৰক্ৰিয়া আৰম্ভ কৰাটো যুক্তিহীন বুলি উল্লেখ কৰে ৰিপুন বৰাই । ৰাষ্ট্ৰীয় পৰ্যায়ত আন আন ৰাজ্যত এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰা বিষয়টোত সন্মতি প্ৰদান কৰি অসমৰ ক্ষেত্ৰত ই গ্ৰহণযোগ্য নহয় বুলিও সাংবাদিকৰ আগত মত ব্যক্ত কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ।

Featured